Assamese Quotes সফল জীৱনৰ সাধনা
কঠিন পৰিশ্ৰমৰ দ্বাৰা সফলতা পোৱা যায়,এলাহৰ দ্বাৰা পৰাজয় আৰু অহংকাৰৰ দ্বাৰা জটিলতা । মাত্ৰ সাহস ৰাখিলে জীৱনৰ আৰম্ভ যিকোনো পৰিস্হিতিৰ পৰা কৰিৱ পাৰি।
এটা মুৰ্হুত্তৰ বাবেও নিজক কেতিয়াও দূৰ্বল বুলি নেভাৱিবা । আমাৰ সকলোৰে ভিতৰত আন্তৰিক শক্তিৰ ভাণ্ডাৰ লুকাই আছে ।
সংঘৰ্ষই আমাৰ চৰিত্ৰক গঢ় দিয়ে আৰু চৰিত্ৰই সিদ্ধান্ত লয় আমি ভৱিষ্যতে কি বনিম ।
আনৰ অপকাৰ কৰি কোনো মানুহ সুখেৰে কেতিয়াও জীয়াই থাকিব নোৱাৰে,আনৰ যিমান অপকাৰ কৰিবতাতকৈ বহুগুনে বেছি এদিন তেওঁৰো ক্ষতি হ'ব।
সহজ ভাৱে জীৱন নিৰ্ৱাহ কৰা কোনো ব্যক্তিক, ইতিহাসে মনত ৰাখিৱ পৰাকৈ স্হান নিদিয়ে । ইতিহাসে কেৱল কঠোৰ সংঘৰ্ষ আৰু পৰিশ্ৰম কৰা লোকক হে মনত ৰাখিবলৈ স্হান দিয়ে ।
কাৰোৱাক যিমানেই কাষৰ পোৱা চিনি নোপোৱা কিয়,সকলো কথা মন খুলি নকৱা । কাৰণ এই পৃথিৱীত বিশ্বাসৰ মূল্য কোনেও নিদিয়ে ।
সংঘৰ্ষৰৰ সময়ত অকলশৰেই যুজিৱ লগা হয় । কিন্তু সফলতাৰ পাছত গোটেই পৃথিৱীয়ে আহি লগ দিয়ে ।
যি জন মানুহক পৃথিৱীয়ে উপলুঙা কৰিছে আৰু হাঁহিছে তেওৱেই ডাঙৰ ডাঙৰ ইতিহাস ৰচিছে ।আঘাট লাগি পৰি গৈ নিজেই নিজক সম্ভালি লোৱা আৰু আকৌ থিয় হৈ খুজ দিয়াকেই সংঘৰ্ষ বুলি কোৱা হয় , আৰু সংঘৰ্ষই হৈছে জীৱনৰ সত্য !
জীৱন হেৰাই যায় মৃত্যুৰ ওচৰত,সুখ হেৰাই যায় দুখৰ ওচৰত,ভালপোৱা হেৰাই যায় অভিনয়ৰ ওচৰত,বন্ধুত্ব হেৰাই যায় স্বার্থ,আৰু অহংকাৰৰ ওচৰত।
আপুনি তেতিয়াই একো কৰিৱ নোৱাৰে যেতিয়া সেই সকল মানুহৰ দৃষ্টিৰে নিজকে চাই ! যি সকলে ভাৱে,যে আপোনি একো কৰিৱ নোৱাৰে ।
পৰাজয় স্বীকাৰ কৰি লোৱাতকৈ আপোনি আপোনাৰ ভূল স্বীকাৰ কৰি ললে বেছি ভাল , যাতে পিছৰ বাৰৰ চেষ্টাত সফল হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
লক্ষ স্হান পাৱলৈ ৰাষ্টা বনাৱই লাগিৱ, কিবা এটা পাৱলৈ জীৱনত কিৱা এটা হেৰুৱাবই লাগিৱ। বিনা সংঘৰ্ষত কেতিয়াও সফলতা পোৱা নেযায় । আৰু তেতিয়ালৈকে জীৱনৰ বোজা বোৰ কঢ়িয়াবই লাগিৱ ।
জীৱনটো সেইদিনাৰ পৰাহে সুন্দৰ হৈ পৰিৱ যি দিনাৰ পৰা আপুনি আনতকৈ নিজক বেছি গুৰুত্ব দিব আৰু ভাল পাৱ ।
পৃথিৱীত সকলোৱে বিশ্বাসঘাটকতা কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বিশ্বাসঘাটকতা নকৰে ।
মানুহৰ সকলো কথাতে সলাগ ললে মানুহে ভাৱিবলৈ লয় যে আপোনি দূৰ্বল, গতিকে সকলো কথাতে কেতিয়াও হয় হয় কৱ নেলাগে ।
বৰষুণ দিলেহে গম পোৱা যায়!ঘৰৰ চাল খনৰ ক'ত ক'ত ফুটা আছে,ঠিক একেদৰে জীৱনত বেয়া সময় আহিলেহে গম পোৱা যায় কোন কিমান আপোন।
কিছুমান মানুহ আছে যিয়ে সপোনৰ পৃথিৱীত বাস কৰে আৰু কিছুমানে বাস্তৱৰ পৃথিৱীত বাস কৰি বাস্তৱৰ লগত মুখামুখি হয়। সপোন দেখাটো সহজ কিন্তু বাস্তৱৰ মুখামুখি হবলৈ সাহস আৰু ধৈৰ্যৰ প্ৰয়োজন।
কিছুমান মানুহৰ লগত তর্ক কৰাতকৈ মনে মনে তেওঁৰ কথা শুনি থকাই ভাল,কাৰণ যিয়ে একমাত্র নিজৰ কথাটোকেই শুদ্ধ বুলি ভাবে,তেওঁ কেতিয়াও কোনোপধ্যেই আনৰ কথা সত্য বুলি মানি নলয়।
জীৱন পথত প্ৰতিটো খুজ দিয়াৰ আগত ভাল দৰে চিন্তা কৰি লব লাগে ।কাৰণ জীৱনত এটা সৰু ভুলৰ বাবেই সকলো হেৰুৱাব লগা হয়। সৰু ভুল এটাৰ বাবেই মানুহে সকলো বোৰ ভাল গুণ পাহৰি যায়।
জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকক,এক হল ব্যস্ত মানুহ আৰু আন জন হল স্বার্থপৰ মানুহ।কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছা থাকিলেহে কথা পাতিব, আৰু স্বার্থপৰ মানুহে নিজৰ দৰকাৰ থাকিলেহে কথা পাতিব !
জীৱন আৰু সময় পৃথিৱীৰ শ্রেষ্ঠ শিক্ষক,জীৱনে শিকাই সময়ক ভাল ভাবে ব্যৱহাৰ কৰিবলৈ,আৰু সময়ে শিকাই জীৱনক মূল্য দিবলৈ।
সন্মান যদি কৰিব বিচাৰা তেনেহলে গুণ চাই কৰা,ধন সম্পত্তি চাই নহয়।বিশ্বাস যদি কৰিব বিচাৰা তেনেহলেনিজৰ ওপৰত কৰা আনৰ ওপৰত নহয়।বিবাহ যদি কৰিব বিচৰা তেনেহলে চৰিত্র চাই কৰা, ৰূপ চাই নহয়।
মানুহে তোমাৰ বিষয়ে ভাল বেয়া কিবা কলেও সেইবোৰত গুৰুত্ব নিদিবা,কাৰণ আজিকালি মানুহৰ চকুত মৃত্যুৰ আগমুহূর্তলৈকে মানুহ বেয়াই হৈ থাকে মাত্র মৃত্যুৰ পিছতহে কয় মানুহজন ভাল আছিল।
যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই,সই সম্পৰ্কৰ পৰা আঁতৰি অহাই ভাল,দুদিনমান বেয়া লাগিব কিন্তু ভৱিষ্যত ভাল হ'ব !
ভৰিত লগা আঘাট বোৰে আমাক সাৱধানে খুজ কাঢ়িৱলৈ শিকাই আৰু মনত লগা আঘাট বোৰে আমাক শক্তিশালী আৰু বুদ্ধিমান হৈ জীয়াই থাকিৱলৈ শিকাই !
Comments
Post a Comment