Best Assamese Motivational Quotes

 


এলাহ হল এই পৃথিৱীৰ এনে এবিধ সুখ,যাৰ পৰিণাম স্বৰুপে কেৱল মাথো দুখ হে পোৱা যায় । গতিকে কিবা কৰিৱলৈ থাকিলে পাছলৈ পেলায় থৱ নালাগে । যিমান পাৰি সিমান সোনকালে তাক সম্পাদন কৰিৱ লাগে ।যেতিয়াই আপোনাৰ বিশেষ মানুহ বোৰ আতৰি যাৱ ,তেতিয়াই বুজিৱ তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ হৈছে । এতিয়া আৰু আপোনাক তেওঁলোকৰ দৰকাৰ নাই ! স্বাৰ্থ শেষ সম্পৰ্ক শেষ ।সৎ মানুহৰ শত্ৰু বেছি ।অসৎ মানুহৰ শক্তি বেছি।শুদ্ধ পথত কষ্ট বেছি ।অশুদ্ধ পথত আৰাম বেছি।সচা কথাত তিতা বেছি।মিচা কথাত বিশ্বাসী বেছি । কোনো মানুহৰ বৰ্তমানক চাই তেওঁৰ ভৱিষ্যতক উপলুঙা নকৰিৱা , কাৰণ সময়ৰ ওচৰত ইমানেই শক্তি আছে,যে কয়লাকো লাহে লাহে হিৰালৈ পৰিৱৰ্তন কৰি দিব পাৰে ।আমি যাক সন্মান কৰো তেওঁ আমাক দূৰ্বল বুলি ভাৱে,আৰু যাক বহুত ভাল পাওঁ ,তেওঁ আমাক মূৰ্খ বুলি ভাৱে ।জীৱনত নিজৰ যোগ্যতা ইমানেই বঢ়োৱা , যে মানুহে তোমাক হৰুৱাবলৈ চেষ্টা নহয় ষড়যন্ত্র কৰিৱ লগা হয় ।অতীতত যি হৈ গল সেইয়া পাহৰিৱলৈ সাহস লাগিৱ। বৰ্তমানৰ সৈতে যুজিৱলৈ শক্তি লাগিৱ । ভৱিষ্যতে যি হব ভালেই হব বুলি ভাৱিবলৈ ,ভৰষা লাগিৱ ।বন্ধু মানেই হল শক্তি আৰু সাহস।সুখ , দুখৰ সময়ত আৰু বিপদত সংগ দিয়া জনেই প্ৰকৃত বন্ধু । তেজৰ সম্পৰ্ক যাৰ লগত নাই কিন্তু আছে নিঃস্বাৰ্থ মৰম আৰু আন্তৰিকতা । তেওঁৱেই আচল বন্ধু ।ধুনীয়া চেহেৰাও বুঢ়া হৈ যায়,শক্তিশালী শৰীৰো এদিন মৰহি যায় । আসন আৰু স্হিতিও এদিন সমাপ্ত হৈ যায় ।কিন্তু এজন ভাল মানুহ সদায় ভাল মানুহেই হৈ থাকে ।যি জন মানুহ জ্ঞানী তেওঁক বুজাৱ পাৰি, যি জন মানুহ অজ্ঞানী তেওঁকো চেষ্টা কৰিলে বুজাৱ পাৰি। কিন্তু যি জন মানুহ অভিমানী তেওঁক কোনেও বুজাৱ নোৱাৰে,তেওঁক কেৱল সময়েহে বুজাৱ পাৰে । যেতিয়া বিশ্বাস মিলে,অচিনাকী জনো আপোন হৈ পৰে আৰু যেতিয়া বিশ্বাস ভাঙি যায়,আপোন জনো অচিনাকী হৈ পৰে । গতিকে বিশ্বাস জীৱনৰ এক মূল্যৱান বস্তু , যাক কোটি টকা দিও কিনিৱ নোৱাৰি ।যেতিয়ালৈকে আমি নিৰৱে থাকি সকলো সহ্য কৰি যাও,তেতিয়ালৈকে পৃথিৱী খনে আমাক ভাল পায়,কিন্তু যেতিয়াই সহ্য কৰিৱলৈ এৰি সত্যটো কও তেতিয়াই সকলোতকৈ বেয়া হৈ পৰো।

Comments

Popular posts from this blog

Assamese Motivational Quotes

Assamese Quotes সফল জীৱনৰ সাধনা