Assamese Poem // Assamese Sad Poem / Assamese sad Status
মই তোমাক নেপাও বুলি জানিও অভিমান কৰো...
পোহৰৰ প্ৰলোভনত চগাই জাপ দিয়ে জুইত ,আৰু মই তোমাক নেপাও বুলি জানিও অভিমান কৰো নদী খনৰ সমূখত …মোৰ মৰমৰ নৈ - দিখৌ
মোৰ চেনেহৰ নৈ - দিখৌ
দিখৌৱে জানে, মোৰ প্ৰেমৰ অভিসন্ধিত কেৱল তোমাৰ নাম …
কেতিয়াৱা ভাৱো , এজাক কোমল বৃষ্টিয়ে টিয়াই নিব মোৰ সমস্ত দুখ …
মই পাতল হম …মোৰ পিঠিত গজিৱ দুখনি দেউকা…
মই আকাশৰ নীলা বোৰ চুই চাম …
কিন্তু …দাল সৰা পাতৰ ,থাকে জানো কিবা অস্বিত্ব…থাকে জানো সেউজীয়া হোৱাৰ কিবা পৰিকল্পনা ? কথা বোৰ পাহৰিয়ে যাও ,,তুমি সলনি হোৱাৰ দিন ধৰি একেবাৰেই হাঁহিৱলৈ এৰিলো ।
চিগাৰেটৰ ধোৱাত জীৱন যেন এক অমংগলীয়া পথ ।
মদটোতো আছেই, ৰাতিপুৱা,গধুলী, আবেলি আৰু নিশা ,কোনো ফিক্স নাই…
শেষ হৈ যাৱলৈকে খাও …
কৰি পেলাও জীৱন বৰ্বাদ ।
তুমি কত বুজিৱা ?
তুমি কত শুনিৱা ?
তুমিটো ব্যস্ত নগৰৰ সফল নাগৰিক ।
তোমাৰ কাষত ৰৈ এবাৰ মাত্ৰ হাঁহিৱ খুজিছিলো ।
পাহৰি যাৱ খুজিছিলো বিফলতাৰ সকলো যন্ত্ৰণা।
মানুহে লগ পালে চাকৰিৰ কথা সুধে ?
ইন্টাৰভিউ বিলাক দি আছোনে সেই কথা সুধে ।
কিছুমানে সুৱৰাই দিয়ে , লগৰ বোৰ বহুত আগবাঢ়ি গল।
কিবা এটাটো কৰ জীৱন জীয়াৱলে । মই কও ,কৰি আছো, চেষ্টা কৰি আছো …
কিন্তু কেনেকে বুজাও মানুহক সমাজ খনক ঘৰ খনক…
যে মই তোমাৰ অবিহনে
লৱ নোৱাৰো একোকে সিদ্ধান্ত
তোমাৰ অবিহনে মই যেন হেৰুৱাই পেলাও ভৰিৰ তলৰ দুৱৰি ।।
জীৱনত মানুহে সুখী হবলৈ হয়টো বহুত কিবা কিবি নিবিচাৰে কিন্তু প্ৰিয় মানুহ জনৰ বিচ্চেদ বৰ কষ্টকৰ ।সচাকৈয়ে বৰ জটিল অনুভৱ ।
কষ্ট হয় , বিষ হয় ।ৰাতি টুপনি নাহে ।
গাৰুটোক কেতিয়াৱা সাৱতি কান্দিৱলৈ চেষ্টা কৰো কিন্তু চকু পানী নোলাই ! ইও যেন এক ইতিকিং …ইও যেন এক ঠাট্টা ,হেৰুৱা প্ৰেমৰ নামত ।
Comments
Post a Comment