Assamese Poem অসমীয়া কবিতা
Assamese Sad Poem By Bikiron Phukan🌿
নিৰুদ্দেশ হৃদয়ৰ
কোমল আচ্ছাদন…
মৰম যেন এক
ৰি ৰিয়া বতাহৰ
মিশ্ৰিত জলতৰংগ !
আজিও মোৰ বৰকৈ
মন যায়…জানা ?
শত্ৰুতাৰ ঘ্ৰাণ ভেদি
এক বাৰ যেন ৰমগৈ
তোমাৰ নঙলা মূখত …
পৰম তৃপ্তিৰে চাম
তোমাৰ তেজগোৰা দুচকু !
মই আন বোৰৰ দৰে নহয় !
বিদ্যা শপত…
যদি একেই হলো হেতেন নহয় ?
বহু বছৰৰ আগতেই
তোমাক পাহৰি পেলালো হেতেন
আৰু সমূখত যদি
কোনোবা দিনা লগো পালো হয় ?
নিশ্চয় মুখেৰে ভোৰভোৰালো হেতেন …
মতলৱ নাই !
তোৰ নিচিনা ধেই ছোৱালী আছে !
কিন্তু ইমান থাৰ্ড ক্লাছ প্ৰেম অন্তত
মই কৰা নাছিলো !
আৰে মোৰ
এইখন হৃদয় হয়…
তপত ৰদৰ কোনোৱা কোণত
থিয় হৈ থকা
বদনামী মৰুদ্যান নহয়টো …
যে মই লেলাৱটিত লিখিম
পৃষ্ঠা পষ্ঠা জিঘাংসা !
আঘাট পালে খঙ উঠে
খঙ উঠিলে গালি দিও…
বকো - চিঞৰো -
কান্দো - উচুপো
অবাইচ হওঁ
কিন্তু জান …
কাবৌ কৰিছো
মৰমক হিংসা বুলি নকবা …
তোমাৰ বাবেইটো
সহ্য কৰি যাওঁ
বহু অভিজাত
মানুহৰ বেত্ৰাঘাট !
আৰে আজিও মই বিন্দাছ কওঁ
প্ৰেম কৰিছিলো,কৰো
আৰু মৃত্যুৰ পিছতো কৰি যাম !
হয়টো তোমাৰ হাতত থাকিৱ পাৰে
মোক ঘৃণা কৰাৰ জটিল কিটিপ… !
কিন্তু মোৰ কাষত পাৱা
তোমাক ভালপোৱাৰ
লাখে লাখে অজুহাত !
……………………………বিকিৰণ ফুকন ।
Comments
Post a Comment