অসমীয়া কবিতা Assamese Poetry
Assamese Poem
Bikiron Phukan
প্ৰেম জীৱন্ত ফাকি…
এলান্ধু জমা হৃদয়ত
আকৌ এবাৰ বেতালৰ হান !
এটি দুটি সেউজীয়া পাত
প্ৰিয়তমাৰ কোমল মাত
যোনিৰ মোহনাত আচল অস্তিত্ব?
মই বনগুটি,টলৌগুটি…
নাজানো একোটি সাঁথৰ !
যৌন চকুত সমাধি কিৰিলি
উমান নেপাও
হেৰাই থৰকাচুটি…
জান তই বৰ উদং
নকল কৰ প্ৰেম
নকল কৰ অভিজাত্য…
আই-পিতাইৰ দুখত
চামিল হবলে
তোৰ লাগে লাজ…
আৰু মই ?
কেনে আছো মই ?
মই আৰু মোৰ প্ৰভাতী দুখ
চৱ সুখতেই আছো দেহা…
ক্ৰমে ক্ৰমে বাঢ়িছ
একদম বিন্দাছ হৈ পৰিছে জীৱন…
-- বিকিৰণ ফুকন
Comments
Post a Comment