Assamese Quotes//অসমীয়া বাণী

Assamese Quotes


কাৰোৱাৰ পৰা আশা কৰাটো আৰু কাৰোৱাক বিশ্বাস কৰাটো ভূল হব নোৱাৰে ।কিন্তু আমাৰ ওপৰত এইটো নিৰ্ভৰ কৰে যে আমি আশা কাৰ পৰা কৰিছো আৰু বিশ্বাস কাৰ ওপৰত কৰিছো ।


জীৱনত তুমি কাক কাক লগ পাৱা সেইটো সময়ে নিৰ্ধাৰণ কৰিৱ,তুমি কাক কাক লগ ধৰিৱা সেইটো তোমাৰ হৃদয়ে নিৰ্ধাৰণ কৰিৱ।কিন্তু জীৱনত তুমি কাৰ কাৰ হৃদয়ত থাকি যাৱা সেইটো তোমাৰ ব্যৱহাৰে নিৰ্ধাৰণ কৰিৱ ।


পৃথিৱীত সকলোতকৈ ডাঙৰ উপহাৰ হৈছে সময় । কাৰণ তুমি কাৰোৱাক নিজৰ সময় দিয়া মানে জীৱনৰ সেই খিনি মুৰ্হুৰ্ত দি দিয়া যি খিনি কেতিয়াও উলতি নাহে ।


সফল মানুহৰ সফলতাকহে সকলোৱে দেখে ।কিন্তু সেই ব্যক্তি জনে কিমান কষ্ট কৰিছিলে অথৱা কিমান কান্দিৱ লগা হৈছিলে সেইটো কোনেও নেদেখে গতিকে তুমিও হাৰ মানি নিদিবা ।


যদি সপোন পুৰা হোৱা নাই তেন্তে পথ সলনি কৰা লক্ষ সলনি নকৰিৱা। কাৰণ গছে সদায় পাতহে সলাই কিন্তু শিপা নসলায় ।


আন্ধাৰক আতৰাৱলৈ সময় নষ্ট কৰি লাভ নাই ! তাৰ পৰিৱৰ্তে চাকী খন জ্বলাৱলৈ চেষ্টা কৰিৱ লাগে ।


কাৰোৱাক সৰু বনাৱলৈ চেষ্টা কৰি লাভ নাই । সদায় নিজৰ উচ্চতা বঢ়াৱলৈ চেষ্টা কৰিৱ লাগে ।


সময়ে মানুহক সফল নৱনাই,সময়ৰ সঠিক ব্যৱহাৰে মানুহক সফল বনাই !


জীৱনত তুমি ইমানেই সৰু বনি যোৱা যে সকলো ব্যক্তিয়েই তোমাৰ লগত বহিব পাৰে । আৰু ইমান ডাঙৰ বনি যোৱা,যে তুমি থিয় হলে কোনো বহি থাকিৱ নোৱাৰে। 


বিপদত পৰিলে কাৰোৱাৰ পৰা সহায় বিচাৰিবলৈ হলে চিন্তা কৰি সহায় বিচাৰিৱ লাগে কাৰণ বিপদ সদায় নেথাকে কিন্তু দয়াৰ প্ৰতিদান গোটেই জীৱনযুৰী দিব লাগিৱ ।


পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যাৰ একো সমস্যা নাই ! আৰু পৃথিৱীত এনেকুৱা কোনো সমস্যা নাই যাৰ একো সমাধান নাই ! লক্ষস্হান যিমানেই উচ্চ নহওক কিয়,ৰাষ্টা কিন্তু সদায় ভৰিৰ তলতেই থাকে।


মানুহক কেতিয়াও নিজৰ সপোনৰ বিষয়ে কৱ নেলাগে । কাৰণ মানুহে কাণেৰে শুনাতকৈ চকুৰে চাই বেছি ভাল পায় ।


স্পিদ ব্ৰেকাৰ যিমানেই ডাঙৰ নহওক কিয় গাড়ীৰ স্পিড কমালে একো অনুভৱ নহয়,থিক তেনেদৰে জীৱনৰ সমস্যা বোৰ যিমানেই ডাঙৰ নহওক কিয় শান্তিৰে বিচাৰ কৰিলে সকলো সমস্যা পাৰ হৈ যায় ।


মানুহৰ ইচ্ছা পূৰণ নহলে খং বাঢ়ি যায়, আৰু ইচ্ছা পূৰণ হলে লোভ বাঢ়ি যায়, সেই কাৰণে জীৱনৰ সকলো পৰিস্হিতিতেই ধৰ্য্য ধৰিবলৈ চেষ্টা কৰা উচিত ।


কোনে কয় যে হাতৰ চহী আৰু মানুহৰ চৰিত্ৰ সলনি নহয় ,মাত্ৰ এটা আঘাটৰ প্ৰয়োজন ।যদি আঙুলিত লাগে তেন্তে হাতৰ চহী সলনি হৈ যায় আৰু হৃদয়ত লাগিলে মানুহৰ চৰিত্ৰ সলনি হৈ যায় ।


প্ৰকৃত মানুহ কাক বুলে ? প্ৰকৃত মানুহ হবলৈ হলে মানুহৰ মাজত দৃঢ়তা থাকিৱ লাগে, কিন্তু আকোৰগুজালি থাকিৱ নেলাগে ।সাহস থাকিৱ লাগে কিন্তু অৰ্ধয্যতা থাকিৱ নেলাগে । দয়া থাকিৱ লাগে কিন্তু দূৰ্বলতা থাকিৱ নেলাগে । গ্যান থাকিৱ লাগে কিন্তু অহংকাৰ থাকিৱ নেলাগে !


যেতিয়া পানী লেতেৰা হৈ যায় , তাক জোকাৰি থকাৰ পৰিৱৰ্তে শান্ত হবলৈ এৰি দিয়া হয়। যাতে লেতেৰা বোৰ তলত গোট খায় । থিক তেনেদৰে জীৱনলৈ সমস্যা আহিলে অধৰ্য্য হোৱাৰ পৰিৱৰ্তে শান্ত হৈ চিন্তা কৰিলে সমস্যাৰ সমাধানো ওলাই !


ৰৃণাত্মক মানুহৰ পৰা সদায় আতৰত থাকিৱ লাগে , কাৰণ তেনে মানুহৰ ওচৰত প্ৰতিটো সমাধানৰ বিপৰিতে কিবা নহয় কিৱা এটা সমস্যা থাকেই !


অতীতত ঘটি যোৱা ঘটনা বোৰৰ কথা ভাৱিলে সদায় দুঃখ হে পোৱা যায় , কিন্তু ভৱিষ্যতৰ কথা চিন্তা কৰি, সঠিক সিদ্ধান্ত লৈ খুজ দিলে অহিব লগীয়া সময়ত অৱশ্যেই সুখ পোৱা যায় ।


মানুহক মাত্ৰ দুটা বস্তুৱে সফল বনাৱ পাৰে । এটা হল ভাল ভাগ্য আৰু আনটো হল কঠোৰ পৰিশ্ৰম। ভাল ভাগ্য সকলোৰে নেথাকে আৰু কঠোৰ পৰিশ্ৰম সকলোৰে দ্বাৰা সম্ভৱ নহয় ।


ঘন কুৱলীৰ পৰা আমি এটা ভাল কথা শিকিৱ পাৰো । যে জীৱনত যদি ৰাষ্টা দেখা পোৱা নাই তেন্তে বহুত দূৰলৈকে চোৱাৰ চেষ্টা কৰি লাভ নাই, এটা এটা খুজ দি আগবাঢ়ি গলে ৰাষ্টা নিজে নিজেই খুল খায় যাৱ ।

সমূখত যদি লক্ষস্হান তেন্তে পথ সলনি নকৰিৱা,মনৰ যি সপোন তাক ভাঙি নেপেলাৱা, খুজে খুজে তুমি প্ৰত্যাহ্বান পাৱা কিন্তু আকাশৰ তৰাক চুৱলৈ মাটিক পাহৰি নেযাৱা ।


বিশ্বাসত সেই শক্তি আছে যিয়ে ধংস হোৱা পৃথিৱীলৈয়ো পোহৰ আনিৱ পাৰে, বিশ্বাসে কঠিন শিল এটাকো ভগৱান বনাৱ পাৰে আৰু অবিশ্বাস এনেকুৱা এটা বস্তু যি ভগৱানে বনোৱা মানুহৰ হৃদয়কো শিল যেন কঠীন বনাৱ পাৰে ।


পৃথিৱীৰ সকলোতকৈ ধুনীয়া সংগীত হৈছে তোমাৰ হৃদয়ৰ ধপধপনি, কাৰণ তাক ভগৱানে নিজেই সৃষ্টি কৰিছে । গতিকে জীৱনত সিদ্ধান্ত বোৰ লওতে সদায় হৃদয়ৰ কথা শুনিব লাগে ।


সুখ এনেকুৱা এটা অনুভৱ যাক সকলোৱেই বিচাৰি আছে ,আৰু দুখ এনেকুৱা এটা অনুভৱ যি সকলোৰে ওচৰত আছে । কিন্তু জীৱন তেওঁহে উপভোগ কৰি আছে যাৰ নিজৰ ওপৰত বিশ্বাস আছে ।


জীৱন এটা পোৱাটো ভাগ্যৰ কথা,মৃত্যু হোৱাটো সময়ৰ কথা ,কিন্তু মৃত্যু হোৱাৰ পাছতো মানুহৰ হৃদয়ত জীয়াই থকাটো কৰ্মৰ কথা ।


হাঁহিৱলৈ সদায় কাৰণ নিবিচাৰিৱা , নহলে জীৱন তেনেকৈয়ে পাৰ হৈ যাৱ । কেতিয়াবা কোনো কাৰণ নোহোৱাকৈয়ে হাঁহি চোৱা, তোমাৰ লগে লগে জীৱনেও হাঁহিৱলৈ আৰম্ভ কৰিৱ।


মৌনতা কোনো মানুহৰ দূৰ্বলতা নহয় , মৌনতা হৈছে তেওঁৰ উদাৰতা , নহলে যি জন মানুহে সহ্য কৰিৱ পাৰে তেওঁ কৱও পাৰে।


আলোচনাত লুকাই থকা সত্য আৰু প্ৰশংসাত লুকাই থকা অসত্য মানুহে যদি বুজি লয় , তেন্তে প্ৰায় আধা সমস্যা নিজে নিজেই সমাধান হব পাৰে।


খং কৰাৰ পৰিৱৰ্তে,কান্দি দিয়াটোৱেই ভাল, কাৰণ খঙে আনক কষ্ট দিয়ে , কিন্তু চকুলো নিৰৱে আত্মাৰ পৰা ওলাই হৃদয়ক পৱিত্ৰ কৰি পেলায় ।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes