আত্মহত্যা কিয় কৰে ?কোনে কৰে
আত্মহত্যা কৰা মানুহ বোৰক সমাজে কাপুৰুষ বুলি কয় । বহু মানুহে কয় ভালেই হল , ইমান দূৰ্বল মানুহ জীয়াই থাকি একো লাভ নাই ! কিছুমানে কয় আত্মহত্যা কৰা মানুহ বোৰ মানসিক ৰুগী , কিন্তু কিমান দুখ পালে মানুহে আত্মহত্যা কৰিৱ পাৰে? কিমান দুখ পালে মানুহে সিদ্ধান্ত লৱ পাৰে একেবাৰে শেষ হৈ যোৱাৰ ? বহু শক্তিশালী মানুহেই আপোনজনে দিয়া আঘাটৰ বোজা সহিৱ নোৱাৰি আত্মহত্যা কৰিছে । অৰ্থাত আমি যাক সকলোতকৈ বেছি আপোন বুলি ভাৱো সিয়েই কেতিয়াৱা সকলোতকৈ বেছি দুখ দিয়ে !
মানুহৰ বিশ্বাসঘাটকতা,প্ৰতাৰণা,চৰম অৱহেলাই মন বোৰক হতাশ কৰি পেলাই ! ৰাষ্টা আছে যদি কত ? ৰাষ্টা আছে যদি কোন ফালে ? এনে পৰিস্হিতিত সুযোগ নোলোৱাকৈ পিছফালে থিয় হোৱা মানুহৰ সংখ্যা অতি কম ! মৃত্যুৰ পাছত কিন্তু বহু জনে কয় , ইমান টেনচনত আছিল যদি আমাক নকলে কিয়,আমি সহায় কৰিলো হেতেন,লগ দিলো হেতেন । কিন্তু চৱ মিচা কথা ! জীয়াই থকাৰ সময়ত মুৰ বিষৰ টেৱলেট এটা আনিৱলেও বহুতকে বহুবাৰ কাকুতি কৰিৱ লগা হয় । মানুহৰ দুখ চকুত ভাহে,সকলোৱে বুজি পায়, কাৰ জীৱনত কি চলি আছে ? কিন্তু মানুহ বৰ স্বাৰ্থপৰ । মানুহ বৰ ব্যস্ত…মানুহে মানুহৰ বাবে নেভাৱে ! মাত্ৰ সুযোগ লয় , দুৰ্বল জনক ব্যৱহাৰ কৰে।
Comments
Post a Comment