New Assamese Quotes Sad Status Motivational Quotes

Assamese Motivational Quotes

সত্যৰ দুৱাৰ খন ইমান সৰু আৰু ঠেক যে তাত সোমাৱলৈ হলে প্ৰথম মুৰ দোৱাই সৰু হৈ লব লগা হয়।

যি জন মানুহে তোমাৰ সুখৰ কাৰণে হাৰ মানি লয় তেওঁক তুমি কেতিয়াও হৰুৱাব নোৱাৰা ।


জীৱনত তুমি লাগিলে যিমান ভাল কাম নকৰা কিয় পৃথিৱী খনে তোমাৰ এটা মাত্ৰ ভূলৰ বাবে অপেক্ষা কৰি আছে ।


জীৱনে আমাক বহুত কিবা কিবিয়ে দিয়ে কিন্তু আমি সেই বোৰ মনত নেৰাখো । আমি মনত ৰাখো কেৱল নোপোৱা খিনিৰ কথা।


বৰষুণৰ টোপাল বহুত সৰু হলেও একে লগ হৈ নদীৰ সোত প্ৰৱল কৰি তুলে তেনেকৈয়ে আমাৰ সৰু সৰু চেষ্টাবোৰ এক লগ হৈ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আনিৱ পাৰে । 


যেতিয়ালৈকে আপোনি আপোনাৰ সমস্যা বোৰৰ বাবে আনক দুষাৰোপ কৰি থাকিৱ তেতিয়ালৈকে আপোনাৰ কোনো সমস্যাৰ সমাধান নহব । 


জীৱনত বেয়া পৰিস্হিতি যিমানেই নহওক কিয় । শতাশ নহবা, কাৰণ ৰদ যিমান চোকা হলেও সাগৰৰ পানী কেতিয়াও নুশুকাই!


যুদ্ধক্ষেত্ৰত পৰাজিত হোৱা মানুহ আকৌ জয়ী হব পাৰে কিন্তু মনৰ পৰা পৰাজিত হোৱা মানুহ কেতিয়াও জয়ী হব নোৱাৰে ।


যদি জীৱনত সফলতা পাৱ খুজা তেন্তে নিজৰ বেয়া পৰিস্হিতিক লৈ নেকান্দিৱা ,লক্ষস্হান লগিলে বহুত দূৰতেই হওক ভয় নকৰিৱা কাৰণ নদীয়ে কেতিয়াও নুশুধে সাগৰলৈ আৰু কিমান দূৰ আছে ?


পৃথিৱী খনৰ মানুহ বোৰ বহুত বদমাছ ,তোমাৰ দুখ আঘাট সমস্যা বোৰৰ কথা কান্দি কান্দি শুধিৱ ,আৰু হাঁহি হাঁহি গোটেই পৃথিৱীতে প্ৰচাৰ কৰিৱ ।


আৰম্ভণী কৰিৱলৈ মহান হোৱাৰ প্ৰয়োজন নাই কিন্তু মহান হবলৈ আৰম্ভণী কৰাৰ প্ৰয়োজন আছে । 


বেয়া সময় পৃথিৱীৰ সকলোতকৈ ডাঙৰ যাদুকৰ,যিয়ে মুহুৰ্ততে তোমাক ভালপোৱা মানুহ বোৰৰ মুখা খুলি দিয়ে।


কঠীন পৰিশ্ৰমৰ পৰা সফলতা পোৱা যায়,কিন্তু আলস্যৰ পৰা পৰাজয় অহংকাৰ আৰু জটিলতা পোৱা যায় ।


যদি তুমি এনেকুৱা এটা বস্তু পাৱ খুজিছা,যিটো আগতে তুমি কেতিয়াও পোৱা নাই তেন্তে তুমিও এনেকুৱা এটা কাম কৰিৱ লাগিৱ যিটো আগতে কেতিয়াও কৰা নাই !


জীৱনত সদায়েই হাঁহি থকাৰ বাবে কাৰণ বিচাৰি পোৱা নযায় কিন্তু আপোনাৰ এটি মিঠা হাঁহি আনজনৰ হাঁহিৰ কাৰণ অৱশ্যেই বনিৱ পাৰে। 


আপোনাৰ জীৱনত পৰিস্হিতি যিমানেই বেয়া নহওক কিয় ৰাতিপুৱা সাৰ পায় উঠি ভগৱানক ধন্যবাদ দিয়া উচিত,যে আপোনাৰ ওচৰত জীৱন আছে ।


মানুহক সৰু সৰুকৈ হলেও সহায় কৰিৱলৈ চেষ্টা লাগে ।কাৰণ বহু বাৰ সৰু সৰু সহায়ে অন্য মানুহৰ হৃদয়ত ডাঙৰ ঠাই বনাই !


জীৱনত যদি ডাঙৰ কিবা এটা আহৰণ কৰিৱ পাৰা তেন্তে নিজতকৈ সৰু মানুহ বোৰক কেতিয়াও পাহৰি নেযাৱা । কাৰণ অকণমানি বেজি এটা যত কামত আহে তাত তৰোৱালৰ প্ৰয়োজন নহয় ।


সফল মানুহ নিজৰ জীৱনত হয়টো সুখী নহবও পাৰে,কিন্তু সুখী মানুহ জন সদায়েই সফল ।


তেওলোকৰ ওপৰত বেছি মনোযোগ নিদিৱ ,যি সকলে আপোনাৰ পিছফালে আপোনাৰ কথা আলোচনা কৰে,ইয়াৰ চিধা অৰ্থ হল আপোনি তেওঁলোকতকৈ দুখুজ আগবাঢ়ি আছে !


বেছিভাগ মহান মানুহেই নিজৰ জীৱনৰ সকলোতকৈ ডাঙৰ সফলতাবোৰ সকলোতকৈ ডাঙৰ বিফলতাৰ পাছত হে পাইছে ।


জীৱনৰ বেছি ভাগ ভূল খৰ খেদাকৈ লোৱা সিদ্ধান্তৰ ফলত ঘটিত হয় । সেই বাবে প্ৰথম চিন্তা কৰি ,বিশ্লেষণ কৰি আৰু তাৰ পাছতহে সিদ্ধান্ত লোৱা উচিত ।


এই পৃথিৱীত বিনামূল্যত কেৱল মা দেউতাৰ মৰমহে পোৱা যায়, বাকি সম্পৰ্ক বোৰৰ বাবে কিবা নহয় কিবা এটা প্ৰতিদান আমি নিশ্চয় দিব লাগে ।


নিজৰ জীৱনক লৈ কেতিয়াও অসন্তুষ্ট নহবা । কোনে জানে তোমাৰ নিচিনা জীৱন বহুতৰ বাবে হয়টো সপোনো হব পাৰে ।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes