Abraham Lincoln Quotes
যদি আপোনি আপোনাৰ বন্ধুৰ বিশ্বাস ভাঙি পেলায় তেন্তে তেওঁৰ পৰা আৰু কেতিয়াও আপোনি আদৰ আৰু সন্মান নেপাৱ।যদি মোক এজোপা গছ কাটিৱলৈ ৬ ঘণ্টা সময় দিয়ে তেন্তে মই প্ৰথম চাৰি ঘণ্টা মোৰ কুঠাৰ খনত চোকাকৈ ধাৰ দিম।ভৱিষ্যৎৰ বিষয়ে সকলোতকৈ ভাল কথাটো হল এইটোৱে যে ই এদিন নিশ্চত সময়ত আহে ।মই এইটো নেভাৱো,যে ভগৱান আমাৰ পক্ষত আছে নে নাই!আমি ভগৱানৰ পক্ষত থকাটোহে মোৰ বাবে সকলোতকৈ ডাঙৰ কথা ,কাৰণ ভগৱান সদায় শুদ্ধ।সাধাৰণ যেন দেখা মানুহ বোৰেই পৃথিৱীৰ সকলোতকৈ ভাল মানুহ, আৰু সেই বাবেই ভগৱানে তেনেকুৱা বহুতো মানুহক নিৰ্মাণ কৰে।বিপদত পৰিলে যি কোনো মানুহেই অমায়িক ভাৱে আপোনাৰ ওচৰত থিয় হব কিন্তু আপোনি যদি মানুহৰ চৰিত্ৰ পৰীক্ষা কৰিৱ খুজে তেন্তে নিজৰ সকলো শক্তি তেওঁক দি চাৱক |যাৰ ওচৰত ধাৰ্মীক মা আছে তেওঁ কেতিয়াও দুখীয়া নহয়।|ৰাজহুৱা চিন্তাৰে কৰা কোনো কাম বিফল নহয়,আৰু তাৰ অবিহনে কৰা কোনো কাম সফল হব নোৱাৰে।চৰিত্ৰ এজোপা গছৰ দৰে আৰু প্ৰসিদ্ধি তাৰ ছা।যিটো আমি ভাৱো সেইয়াই আমাৰ ছা আৰু গছ জোপাই আমাৰ সত্যতা কিন্তু আমি সদায় ছাৰ ফালে চাও ,পিছে আচল বস্তুটো কিন্তু গছ জোপাহে।যদি আমি প্ৰথম এইটো জানি লও,যে আমি কত আছো আৰু আমি কোন দিশে গৈ আছো তেন্তে আমি কি কৰিৱ লাগে আৰু কেনেকৈ কৰিৱ লাগে তাৰ সঠিক সিদ্ধান্ত লৱ পাৰিম।মই যি হয় বা যি হবলৈ আশা কৰো তাৰ শ্ৰেয় মোৰ মালৈ যায়।শত্ৰুৰ ওপৰত বিজয় পোৱা জনতকৈ মই তেওঁক হে বীৰ বুলি ভাৱো যি নিজৰ ইচ্ছা বোৰৰ ওপৰত বিজয় পাইছে , কাৰণ সকলোতকৈ কঠীন কামটো হৈছে নিজৰ মনটোক জয় কৰাটো ।বন্ধু তেওঁৱেই হয় যাৰ শত্ৰু সেই জন মানুহ যি জন মানুহ আপোনাৰো শত্ৰু|সদায় মনত ৰাখিৱা,সফল হবলৈ হলে অন্য বেলেগ কথাতকৈ তোমাৰ নিজৰ সংকল্প থকাটো সকলোতকৈ বেছি মহত্বপূৰ্ণ।মানুহ হৈছে লক্ষ বিচাৰি ফুৰা জীৱ, মানুহৰ জীৱন তেতিয়াহে অৰ্থবহ হয় যেতিয়া মানুহে নিজৰ লক্ষ পূৰণ কৰিৱলৈ চেষ্টা কৰি থাকে আৰু লক্ষস্হান প্ৰাপ্ত কৰে।
আপোনি যিয়েই নহওক কিয় ,সদায় কিন্তু এজন ভাল মানুহ বনিৱলৈ চেষ্টা কৰক ।আপোনাৰ জীৱনত কিমান বছৰ আছে সেইটো গুৰুত্বপূৰ্ণ নহয় কিন্তু আপোনাৰ বাছি থকা বছৰ বোৰত 'জীৱন' আছেনে নাই সেইটোহে গুৰত্বপূৰ্ণ কথা।কামৰ অৱহেলা কৰা মানুহে কেতিয়াও ডাঙৰ কাম কৰিৱ নোৱাৰে । প্ৰথম আপোনি সুনিশ্চত কৰক আপোনাৰ স্হিতি সঠিক ঠাইত আছে নে নাই ? তাৰ পাছত দৃঢ়তাৰে থিয় দিয়ক। আমি সকলোকে কিছু সময়লৈকে মূৰ্খ বনাৱ পাৰিম আৰু কিছু লোকক চিৰদিনৰ বাবে। কিন্তু আমি কেতিয়াও সকলো মানুহকে চিৰদিনৰ বাবে মূৰ্খ বনাৱ নোৱাৰো ।আমি এইটো অভিযোগ দিব পাৰো যে গোলাপ ফুলৰ গছত কাইট থাকে, কিন্তু আমি এইটো ভাৱি সুখীও হব পাৰো যে,কাইটৰ গছত গোলাপ ফুল ফুলে।
বন্ধুৰ অবিহনে কোনো মানুহ জীয়াই থাকিৱ নুখুজে লাগিলে তেওঁৰ ওচৰত অন্য সকলো বস্তু থাকক।কোনো এজন ব্যক্তিয়ে অন্য কোনো এজন ব্যক্তিক, তেওঁৰ বিনা অনুমতিত কেতিয়াও নিয়ন্ত্ৰণ কৰিৱলৈ সক্ষম নহয়। কিবা এটা কৰাৰ সপোন ৰখা মানুহৰ বাবে কোনো বস্তুৱেই অসম্ভৱ নহয়।
মই কাৰোৰে দাস বনিৱ নোৱাৰো। আৰু সেই দৰে অন্য কাৰোৰে মালিকো বনিৱ নুখুজো।ভালকৈ লিখিৱলৈ হলে নিজক সাধাৰণ মানুহৰ দৰে ব্যক্ত কৰা,কিন্তু চিন্তা কৰা বুদ্ধিমান ব্যক্তিৰ দৰে।যেতিয়া মই ভাল কৰিম তেতিয়া মোৰ ভাল লাগিৱ, যেতিয়া মই বেয়া কৰিম, তেতিয়া মোৰ বেয়াই লাগিৱ । সেইয়াই মোৰ ধৰ্ম ।
যি আনৰ স্বাধীনতাক স্বীকাৰ কৰিৱ নোৱাৰে তেওঁৰ নিজৰো স্বাধীন হোৱাৰ কোনো অধিকাৰ নাই !মই ধীৰ গতিৰে খুজ দিও কিন্তু কেতিয়াও পিছলৈ নেযাও । আপোনি সফলতা পাৱলৈ হলে আপোনাৰ সংকল্পই সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তু তাৰ পৰিৱৰ্তে অন্য একো নাই !
Comments
Post a Comment