Assamese Life Quotes
এজন ডেকা লৰাই এজন বুঢ়া মানুহক সুধিলে ,আনন্দ,ফুৰ্টি আৰু উৎসৱ পালন কৰাৰ সকলোতকৈ ভাল দিন কোনটো ? বুঢ়া মানুহ জনে মৰমেৰে উত্তৰ দিলে, মৃত্যুৰ এটা দিন আগত ! লৰা জনে আচৰিত হৈ কলে, মৃত্যুৰটো নিদিষ্ট কোনো সময় নাই! যেতিয়াই তেতিয়াই আহি যাৱ পাৰে? বুঢ়া মানুহ জনে তেতিয়া হাঁহি হাঁহি কলে । সেই বাবেই কৈছো, জীৱনৰ প্ৰত্যকটো দিনেই শেষ দিন বুলি ভাৱি ,প্ৰতিটো মূহুৰ্তৰ আনন্দ উপভোগ কৰা । কাৰণ জীৱনৰ একো ভৰষা নাই ।
আপোনাৰ বিশ্বাসৰ কঠীন পৰীক্ষা তেতিয়া হয় , যেতিয়া আপোনি কঠোৰ পৰিশ্ৰম কৰাৰ পাছটো , আপোনি বিচৰা বস্তুবোৰৰ একোকেই আহৰণ কৰিৱ নোৱাৰে । আৰু তাৰ পাছটো হৃদয়ৰ পৰা আপোনি ভগৱানক ধন্যবাদ দিয়ে !
৫ টা কথা সদায় মনত ৰাখিৱ লাগে । কথা কেইটা হল- ১)মাৰ সমান কোনো নিষ্ঠাৱান নাই ২)দুখীয়াৰ কোনো বন্ধু নাই ৩)সন্মান মাত্ৰ টকাৰ আছে মানুহৰ নাই!৪)আজিও মানুহে ভাল চিন্তাতকৈ ভাল চেহেৰাক বেছি পচন্দ কৰে । আৰু ৫ নম্বৰ-৫)যাক আপোনি আপোনাৰ বিশেষ বুলি ভাৱিব সিয়েই সকলোতকৈ বেছি দুঃখ আৰু আঘাট দিব ।
আপোনি যি খিনি পাইছে ভাগ্যতকৈ বেছিকৈয়ে পাইছে,যদি ভৰিত চেন্দেল নাই তেন্তে কেতিয়াও দুখ প্ৰকাশ নকৰিৱ,কাৰণ আপোনি এনেকুৱা মানুহো ৰাষ্টাত দেখিছে,যাৰ হয়টো ভৰিয়েই নাই।
আশীৰ্বাদে কেতিয়াও লগ নেৰে, অভিশাপে কেতিয়াও পিছ নেৰে,যি দিবা তাকেই ঘূৰাই পাৱা,লাগিলে সেইয়া বিশ্বাসঘাটকতা হওঁক নহলেবা সন্মান ।
মানুহৰ দুখৰ পৰিমাণ জুখাৰ কোনো আহিলা নাই ! কাৰণ কিছুমান এনেকুৱা মানুহো আছে, যি সকলে এইটো চিন্তা কৰিও দুখী হৈ যায়। যে সন্মুখৰ মানুহ জন কিমান সুখত আছে ।
ধন উপাৰ্জন কৰিলে ঘৰলৈ ভাল ভাল বস্তু আহে । কিন্তু আপোনি যদি আশীৰ্বাদ উপাৰ্জন কৰে তেন্তে ঘৰলৈ ধনৰ লগতে ভাল স্হাস্হ্য ,প্ৰেম,আনন্দ,সুখ আৰু শান্তি সকলো আহে ।
সুখী হৈ তেওঁৱেই থাকিৱ পাৰে,যি বুজি উঠে যে পৃথিৱীত আচলতে কোনোৱেই সুখী নাই!জীৱনতটোত আমি বহু বস্তুৱেই পাওঁ কিন্ত মনত ৰাখো কেৱল আহৰণ কৰিৱ নোৱাৰা খিনিৰ কথাহে।
যদি আপোনি শুদ্ধ , তেন্তে শুদ্ধ প্ৰমাণ কৰিৱলৈ চেষ্টা নকৰিৱ । মাত্ৰ শুদ্ধ হৈ থাকক, সময়ে নিজেই প্ৰমাণ দিব ।
সিদ্ধান্ত লোৱা আৰু কামটোত বিফল হোৱাত এটা কথা স্পষ্ট হৈ পৰে যে আপোনি ভীৰৰ অংশ নহয়,যি সকলে ভয় আৰু দূঃচিন্তাৰ বাবে সিদ্ধান্তই লৱ নোৱাৰে তেওঁলোকতকৈ আপোনি বহু উচ্চ খাপৰ ।
আত্মবিশ্বাস সদায়েই আমাৰ ওচৰত থাকে,তাক অনুভৱ কৰিৱলৈ মাত্ৰ আমি বৰ্তমানত জীয়াই থকাৰ অভ্যাস কৰিৱ লাগিৱ ।
জীৱন বহুত ধুনীয়া । কেতিয়াৱা কন্দুৱাই ,কেতিয়াৱা হঁহুৱাই । কিন্তু জীৱনৰ ভীৰত যি নিজকে সুখী ৰাখিৱ পাৰে , জীৱনে তেওঁৰ আগত মুৰ দোৱাই !
চাকিয়ে কেতিয়াও কথা নকয়,পোহৰেই তাৰ পৰিচয় দিয়ে।থিক তেনেদৰে,আপোনিও আপোনাৰ বিষয়ে কাকো একো নকৱ । ভাল কাম কৰি যাৱক, সিয়েই আপোনাৰ পৰিচয় দিব ।
যদি আপোনি এবাৰ বিফল হৈছে তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে আপোনি বাৰে বাৰে বিফল হব ।নিজৰ ওপৰত বিশ্বাস ৰাখক, এনেকুৱা এটা দিন নিশ্চয় আহিব , যিদিনা আপোনি সফল হব ।
যেনেকৈ বতাহ মাত্ৰ এটা দিশত নৱলে,সময়ে সময়ে দিশ সলনি হৈ থাকে থিক তেনেদৰে মানুহৰ ভাগ্যও সলনি হৈ থাকে । গতিকে সময় যদি বেয়া হয় , তেন্তে চিন্তা নকৰিৱা , সময় নিশ্চয় এদিন সলনি হব ।
এটা চৰাইয়ে মৌ মাখিক সুধিলে ,তুমি ইমান কষ্টৰে মৌ বনোৱা আৰু মানুহে যে চুৰ কৰি লৈ যায়,তোমাৰ দুখ নেলাগেনে ? তেতিয়া মৌ মাখিয়ে বহুত ধুনীয়াকৈ উত্তৰ দিলে, মানুহে মোৰ মৌ চুৰ কৰি নিব পাৰে কিন্তু মোৰ মৌ বনোৱা কলা,কেতিয়াও চুৰ কৰিব নোৱাৰে ।
জীৱনৰ এটা কঠোৰতম সত্য হৈছে, ভূল হৈও নিজক শুদ্ধ প্ৰমাণ কৰাটো সিমান কঠীন নহয় যিমান শুদ্ধ হৈ নিজক শুদ্ধ বুলি প্ৰমাণ কৰাটো কঠীন ।
Comments
Post a Comment