Assamese Motivational Quotes
আঘাট পায় পৰি যোৱা আৰু নিজক নিজেই সম্ভালি লোৱা আৰু আকৌ খুজ দিয়া, এইয়াই হৈছে সংঘৰ্ষ আৰু এইয়াই জীৱনৰ সত্য।যেতিয়াই ভাঙি পৰিবা , অকলশৰে কান্দিবা, কাৰণ এই পৃথিৱী খন দূৰ্বল মানুহক হাঁহিয়তাৰ পাত্ৰ বনোৱাত পাকৈত ।আদর্শ মানুহ সেইজনেই যিজনে অন্যৰ উপকাৰ কৰি আনন্দ পায় আৰু আনৰ পৰা উপকাৰ গ্ৰহণ কৰিব লগিয়া হলে লাজ অনুভৱ কৰে।
পৃথিৱীত বদমাচ মানুহ বোৰ মিচা কথা কোৱাত খুৱ পাকৈত, আৰু সহজ সৰল মানুহ বোৰ সাধাৰণ এটা অভিযোগতেই ভিতৰৰ পৰা মৰি যায় ।
মানুহৰ অভ্যাস কিমান যে অদ্ভূত,মানুহে স্মৃতি বোৰক সযতনে ৰাখে আৰু আপোন জনক হেৰুৱাই দিয়ে ।মনত ৰাখিৱা, সংঘৰ্ষৰ পথত কোনেও তোমাক সহযোগ নকৰে, কিন্তু সফলতা পোৱাৰ পিছত সকলোৱেই তোমাৰ সোৱে বাওৱে ঘূৰিৱ ।
বেয়া সময় আৰু বেয়া পৰিস্হিতিৰ এটা মাত্ৰ লাভ হয় । যি সকলে আপোনাক পচন্দ নকৰে , সেই সকল মানুহ আপোনাৰ জীৱনৰ পৰা নিজে নিজেই আতৰি যায়।নিজকে দূৰ্ভাগ্যশীল বুলি কেতিয়াও ভাৱিব নেলাগে। কাৰণ আপোনি অকলশৰীয়া নহয় যে সংঘৰ্ষ কৰি আছে । অন্য বহু লোকে আপোনাতকৈ বেয়া পৰিস্হিতিত থাকিও সংঘৰ্ষ কৰি আছে ।আপুনি আগতে খবৰ লোৱাৰ পিছত যিসকলে আন্তৰিকতা দেখুৱায় কিন্তু আপুনি খবৰ নললে কোনোদিনে খবৰ নলয়, সিহঁত আচলতে আপোনাৰ একো নহয়।দুখীয়া বুলি কাকো নাহাঁহিবা কাৰণ জন্ম হৈ কোনো ধনী হৈ নাহে আৰু দুখীয়া পৰা হে জীৱন সংগ্ৰামৰ প্ৰথম শিক্ষা পোৱা যায়।
সেই মানুহবোৰক কেতিয়াও আওকাণ নকৰিবা
যিয়ে তোমাৰ যত্ন লয়,
আৰু সেই মানুহবোৰৰ প্ৰতি কেতিয়াও গুৰুত্ব নিদিবা
যিয়ে তোমাক আওকাণ কৰে।
খালি বহি থাকিলে আৰু খুলা চকুৰে সপোন দেখিলে একো ফলাফল পোৱা নাযায়,সমস্যাৰ সাগৰত হাত ভৰি নেমাৰিলে কেতিয়াও পাৰা পাৰ পোৱা নাযায়।জীৱনত মাত্ৰ দুজন বন্ধুৰ প্ৰয়োজন,
এজন কৃষ্ণৰ দৰে
যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে
আৰু আনজন কৰ্ণৰ দৰে
যিয়ে বন্ধুৰ পৰাজয় নিশ্চিত বুলি জানিও বন্ধুক এৰি নিদিয়ে।কাৰোবাক মৰম দিয়াটো জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ আৰু বেলেগৰ পৰা পোৱা মৰমৰ বোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান ।নিজক লৈ আমি সদায় গৌৰৱ কৰিব লাগে আৰু নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিৱ লাগে।কাৰণ জীৱন যাত্ৰাত আমি ইমান দূৰ আহিলো যেতিয়া, ইয়াতকৈ আগলৈও নিশ্চয় যাৱ পাৰিমেই ।অন্য কাৰোবাৰ লগত নিজৰ সংঘৰ্ষক তুলনা কেতিয়াও নকৰিৱ। আনৰ সফলতা দেখি নিৰাশ নহব। নিজেই নিজৰ ৰাষ্টা বনাওক, আৰু কেতিয়াও হাৰ নেমানিৱ।
বৰষুণক ছাটিয়ে ৰখাৱ নোৱাৰে কিন্তু আমাক বৰষুণত থিয় কৰাই ৰাখিব পাৰে । বিশ্বাসে সফলতা আনিৱ নোৱাৰে, কিন্তু জীৱনৰ প্ৰত্যাহ্বানক মূখা মুখি হবলৈ আমাক শক্তি দিব পাৰে।যি জন মানুহে আপোনাৰ বাবে সৰু হৈ দিয়ে তেওঁ আপোনাক কেৱল সন্মানেই নকৰে ।আপোনাক যথেষ্ট প্ৰেমো কৰে । সমস্যা আহিলে এইটো নেভাৱিবা যে এতিয়া মোৰ কোন মানুহ কামত আহিৱ? তাৰ পৰিৱৰ্তে এইটো চাৱা,এতিয়া কোনবোৰ মানুহে মোক এৰি যাৱ?
চকুৰে নেদেখা মানুহ জনক অন্ধ বুলি কব নােৱাৰি, নিজৰ দোষ-ত্রুটিবােৰ লুকুৱাই ৰখাজনহে আচলতে প্ৰকৃত অন্ধ ।
প্ৰেম এক স্বৰ্গীয় অনুভূতি, ইয়াৰ আকাৰ নাই, আকৃতি নাই, ৰং নাই, ইয়াৰ নাই কোনো ধৰ্ম। ত্যাগৰ নামেই হল প্ৰেম।লাগিলে লাহে লাহে হওক কিন্তু আগবাঢ়ি যাৱলৈ চেষ্টা কৰাই জীৱনৰ আচল লক্ষ ।মানুহে কেতিয়াও অকলে থাকিব নিবিছাৰে, কল্পনাত হলেও কোনোবা এজন কাষত থকাতো বিছাৰে, আৰু এইটো সকলোৱে জানে যে কল্পনাত অকল আপোনজনেই বাস কৰে।
Comments
Post a Comment