Assamese Motivational Quotes
কিবা এটা কামৰ লক্ষ ললে আপোনি কিমান সোনকালে ভাঙি পৰে সেইটো কোনো ডাঙৰ কথা নহয়। ডাঙৰ কথা এইটোহে কিমান সোনকালে আপোনি আকৌ এবাৰ কামটো কৰিৱলৈ আৰম্ভ কৰে।
যাৰ ওচৰত আপোনাৰ বাবে সময় নাই তেওঁক কেতিয়াও আমনি নকৰিব, কিয়নো তেওঁলোক তেওঁলোকৰ পৃথিৱীত ব্যস্ত সেয়েহে তেওঁলোকৰ পৃথিৱীত আপোনাৰ কোনো
প্রয়োজন নাই ।আপোনাৰ জীৱনৰ প্ৰতিটো সংঘৰ্ষই আপোনাক সেই জন ব্যক্তি ৰুপে গঢ় দিছে যি জন ব্যক্তি ৰুপে আজি আপোনাৰ ব্যক্তিত্ব প্ৰকাশ পাইছে ।গতিকে কঠীন সময়ক সদায় ধন্যবাদ দিয়ক । যি আপোনাক কেৱল শক্তিশালী বনোৱাত সহায় কৰে।লক্ষ্যত উপনীত নহলে হতাশ নহবা জীৱনৰ ৰাস্তা কেতিয়াও শেষ নহয়, এবাৰ নোৱাৰিলে হাজাৰ বাৰ চেষ্টা কৰা নিশ্চয় এদিন জয়ী হবা
।সকলোৰে জীৱনত সংঘৰ্ষৰ বহুতো কাহিনী আছে। কিন্তু ইতিহাসত সেই বোৰ হে লিপিবদ্ধ হয় যি বোৰৰ সমাপ্তি সকলোতকৈ চমৎকাৰী হয় ।জীৱনৰ বাটত আপোন বুলি কোনো নাই, মাথো স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰিবলৈ আহে, স্বাৰ্থ শেষ, লগে লগে সম্পৰ্কও শেষ ।ভগৱানে মানুহক ইমান সক্ষম বনাইছে যে মানুহে নিজেই নিজৰ সফলতা প্ৰাপ্তি কৰিৱ পাৰে । কিন্তু তথাপিও মানুহে পৰিশ্ৰমৰ পৰিৱৰ্তে ভগৱানক ভীক্ষা খুজাটোহে বেছি পচন্দ কৰে ।যেতিয়া কাৰোবাৰ সতে বন্ধুত্ব সচা আৰু মজবুট হৈ যায়,তেন্তে প্ৰমাণ দিয়াৰ প্ৰয়োজন নহয়। লাগিলে সেই বন্ধু জন যিমানেই দূৰলৈ গুচি নাযাওক কিয়,তেওঁক কাষলৈ মতাৰ প্ৰয়োজন নহয় , তেওঁ নিজেই আপোনাৰ কাষত সদায় থাকে ।|ধৈৰ্য্য ধৰা, এদিন সকলো ঠিক হৈ যাব, এনেকুৱা সান্তনামূলক কথা বোৰো এদিন সত্য হৈ যায়, যেতিয়া মানুহ এজনে চিৰদিনৰ বাবে উশাহ ল’বলৈ এৰি দিয়ে।জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক সদায় গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনো উভটি নাহে, আপোন মানুহবোৰো উভতি নাহে।জীৱনৰ প্ৰতিটো খোজোঁতে বাধা আহিব আৰু সেই বাধা নেওচি আগবাঢ়ি যোৱাৰ নামেই সফলতা।আজি যিজনে তোমাক অৱহেলা কৰিছে,
গুৰুত্ব দিয়া নাই , ধৈৰ্য ধৰা, এদিন তোমাকেই তেওৰ বহুত বেছি প্ৰয়োজন হব ।নিজৰ সপোনবোৰ পূৰাবলৈ সুবিধা পালেও কিছুমান মানুহে আমাক যেনেকৈ নহওঁক বাধা দি ৰখাই দিয়ে সেই তেতিয়াই সপোনবোৰ মৰহি যায় আৰু দ্বিতীয় বাৰ সপোন দেখিবলৈ মন নাযায়।কাৰােবাৰ মন জয় কৰি তুমি যিমান সুখী হ’বা
তাতকৈ কাৰােবাৰ বিশ্বাস জয় কৰি বেছি সুখী হব পাৰিবা,
কাৰণ সকলােবােৰ সস্পর্কৰ
মূলমন্ত্র হ’ল বিশ্বাস।জীৱনটো খুবেই কষ্টকৰ কিন্তু কাকো বুজাব পৰা নাযায়,মনটো বৰ অসহায় কিন্তু সেইয়া কাকো
দেখুৱাব পৰা নাযায়,জীৱনত বহুত কিবা কিবি সপোন দেখিব পাৰি কিন্তু বিচাৰিলে সকলো পোৱা নাযায়।প্ৰেম কেৱল প্ৰাপ্তি নহয়,প্ৰেম এক স্বৰ্গীয় অনুভূতি,প্ৰেম হৈছে ত্যাগ কিন্তু প্ৰতিশোধ নহয়,প্ৰেমত থাকে অনাবিল আনন্দ,প্ৰেম জোৰ কৰি পোৱা নাযায়,প্ৰেম আহে নিৰৱে, সংগোপনে আৰু অজানিতে ।বিপদৰ সময়ত লগত থকাৰ আশ্বাস সকলোৱে দিয়ে, কিন্তু যিয়ে শেষ পৰ্য্যায়লৈ লগত থাকি যুঁজ দিয়ে তেওঁ হে আমাৰ প্ৰকৃত শুভাকাংক্ষী।যদি সফলতা পাৱ খুজা তেন্তে সময় আৰু পৰিস্হিতিক লৈ নেকান্দিবা,লক্ষস্হান লাগিলে বহু দূৰেতেই থাকক ভয় নকৰিৱা,কাৰণ নদীয়ে কেতিয়াও নুসুধে সাগৰলৈ আৰু কিমান দূৰ ?
।আমাৰ জীৱনত এনেকুৱা মানুহ নালাগে,
যি আমাৰ সাধাৰণ এটা ভুলৰ অজুহাত লৈ আমাৰ পৰা আঁতৰি যায়, আমাক এনে এজন সংগীৰ প্ৰয়োজন,
যিয়ে আমাৰ ভুলবোৰক শুধৰাই আমাক
আঁকোৱালি লব পাৰে।এই পৃথিৱীত মানুহে কৰিব নোৱাৰা কাম একো নাই, কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে আৰু যিয়েই চেষ্টা কৰে এদিন নহয় এদিন তেওঁ সফলতা অৰ্জন কৰে |
Comments
Post a Comment