Assamese Motivational Speech
চেষ্টা এনেকুৱাকৈ কৰিৱ লাগে।যাতে হাৰি হাৰি কেতিয়ানো জিকি যোৱা গমেই নোপোৱা।সকলো সময়তে সকলোকে
সহায় কৰি ভাল পোৱা মানুহজনে কিন্তু,
নিজৰ বিপদৰ সময়ত কাৰো সহায় নাপায়।আজিকালিৰ মানুহ সাপতকৈও বেছি বিপদজনক,সাপে নিজৰ সুৰক্ষাৰ বাবে খূটে কিন্তু মানুহে নিজৰ স্বৰ্থৰ বাবে অন্যৰ জীৱন ধংস কৰে ।অপ্ৰিয় যদিও সঁচা কথা।অহংকাৰী মানুহ অন্ধ মানুহৰ দৰে একে যি কেতিয়াও নিজৰ ভূল দেখা নেপায় আৰু আনৰ ভাল দেখিৱ নোৱাৰে।সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব স্হাপন কৰা উচিত, কিয়নো সেই সকল,ভাল দিনত মূল্যৱান সম্পদৰ দৰে আৰু বেয়া দিনত আমাৰ ৰক্ষক হৈ থিয় দিয়ে ।
এজোপা গছত ক্ষমতাতকৈ বেছি ফল লাগিলে,তাৰ দাল বোৰ ভাগিৱলৈ আৰম্ভ হয় আৰু মানুহে যোগ্যতাতকৈ বেছি লাভ কৰিলে সম্পৰ্ক বোৰ ভাঙিৱলৈ আৰম্ভ কৰে । ফলাফল ৰুপে লাহে লাহে গছে নিজৰ ফলৰ পৰা বঞ্চিত হয় আৰু মানুহে নিজৰ সম্পৰ্কবোৰৰ পৰা।
যিয়ে নিজে সংঘৰ্ষত থাকিও আপোনাক সহায় কৰে, সেয়া কেৱল সহায় নহয় সেয়া আপোনাৰ প্ৰতি ভালপোৱা।
সাধাৰণতে কিছুমান ভাল মানুহৰ জীৱন কিছুমান বিশ্বাসঘাটক মানুহৰ বাবেই ধংস হৈ যায়।আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবপাৰিছা। কাৰণ পৃথিৱীৰ শ্রেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।সময় আৰু জ্ঞান দুয়োটা বস্তু একেলগে ভাগ্যৱান জনেহে পায়, কাৰণ সুযোগ পালেও সময়ত বুজি পোৱা নাযায় আৰু জ্ঞান যেতিয়া পোৱা যায়, সময় গুচি যায় ।সদায় প্ৰস্তুত হৈ থাকিৱা,বতৰ আৰু মানুহ কেতিয়া সলনি হয় তাৰ কোনো ভৰসা নাই!আপোনাৰ জীৱনত যদি কোনোৱা ভূল শুদ্ধ ধৰা মানুহ আছে তেন্তে ধন্যবাদ দিয়ক,কাৰণ যি খন বাগিচাত কোনো মালি নাথাকে সোনকালেই সেই বাগিচা খন নষ্ট হৈ যায়।ইচ্ছাবোৰে মানুহক শান্তিৰে জীয়াই থাকিৱলে নিদিয়ে আৰু দুৰ্ভাগ্যবঃশত, মানুহে কেতিয়াও ইচ্ছা বোৰক মৰিৱলৈ নিদিয়ে । দুৰ্ৱল কোনো নহয় সময় আৰু পৰিস্হিতিয়ে মানুহক দুৰ্বল বনাই। সস্তিয়া মানুহে তাৰ সুযোগ লৈ নিজকে বহুত চতুৰ বুলি ভাৱে । মানুহে ঘৰ সলনি কৰে,সম্পৰ্ক সলনি কৰে, বন্ধুত্ব সলনি কৰে,তথাপিও চিন্তাত জীৱন কটাই, কাৰণ মানুহে নিজক সলনি নকৰে।মানুহক মানুহৰ পৰা আতৰাই নিয়াৰ এটা মূল কাৰণ হল মুখৰ শব্দ আৰু আনটো হল টকা ।পৃথিৱীৰ কোনো বস্তুৱেই ইমান সোনকালে সলনি নহয় যিমান সোনকালে মানুহৰ স্বভাৱ আৰু দৃষ্টি সলনি হৈ যায় । প্ৰিয়জনক দামী ঘড়ী উপহাৰ দিয়াতকৈ প্ৰতিদিনে অকণমান সময় উপহাৰ দিয়া, দেখিবা সম্বন্ধ বোৰ অধিক সুন্দৰ হব।
ভাগ্য আৰু পৰিস্হিতিয়ে যেতিয়া লগ নিদিয়ে তেতিয়া তেওঁ লোকৰ কথাও শুনিৱ লগা হয় যাৰ কোনো মূল্য নাই।
জীৱনত নিজৰ নিচিনা মানুহ কতো নোপোৱা। আৰু যদিও বিচাৰি ফুৰা তেন্তে একো লাভ নহ’ব। পাছলৈ অকলশৰীয়া হৈ পৰিৱা। যিজন মানুহ যেনেকৈ আছে তেনেকৈ স্বীকাৰ কৰি লোৱাই ভাল ।আপোন হ’বলৈ কোনো তেজৰ সম্পর্কৰ প্ৰয়োজন নাই, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন। যি মানুহে সম্পৰ্কক সন্মান নকৰে আৰু মূল্য নিদিয়ে তেনে মানুহৰ লগত থিয় দিয়াৰ পৰিৱৰ্তে অকলে থিয় হোৱাই ভাল । সেইয়া অভিমান নহয় ,সেইয়া আমাৰ স্বাভিমান ।জন্ম, মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও,
জন্মৰ পৰা মৃত্যু পৰ্য্যন্ত আপোনাৰ জীৱন যাত্ৰাত,
যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু বৰণ কৰিব লগা নহয়,তেন্তে আপোনাতকৈ সুখী মানুহ এই পৃথিৱীত কোনো নাই।
Comments
Post a Comment