Assamese quotes

 ৰূপৰ সৌন্দৰ্যতাৰ দ্বাৰা ব্যক্তি এজনৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব পৰা নাযায়। ব্যক্তি এজনৰ মন, ব্যৱহাৰ,সংস্কাৰ আৰু চিন্তা ধাৰাৰ দ্বাৰাহে প্ৰকৃত চৰিত্ৰ নিৰ্ধাৰণ কৰিব পৰা যায় |যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো দিন চেষ্টা কৰা নাই ।

সেইজন মানুহক ভালপোৱা যিয়ে তোমাক হেৰুৱাবলৈ

ভয় কৰে, তোমাৰ মনটোক আনতকৈ বেছি বুজে আৰু তোমাক গুৰুত্ব দিয়ে।তেওক কেতিয়াও যাবলৈ নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতো তোমাকেই মাত্ৰ ভাল পাই থাকে।আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা ৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। সফলতাৰ পিছে পিছে কেতিয়াও দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা -- তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা ৷ দেখিবা এইবাৰ সফলতাই তোমাক খেদি ফুৰিছে ৷

জীৱনত ডাঙৰ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহিবলৈ শিকা, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা, কিন্তুু কাকো ঠগি নহয়। জীৱনত সুখী হোৱা, কিন্তুু কাকো কষ্ট দি নহয় ! প্ৰিয় মানুহজনক কাষত পোৱাটো সকলোৰে ভাগ্যত নাথাকে, যি জনে পাই তেওঁ সচাঁকৈয়ে ভাগ্যবান হয়।জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে বিশ্বাস কৰে মই জয়ী হ’ব পাৰিম।

প্ৰিয়জনৰ পৰা কেতিয়াও বিচাৰি বিচাৰি সময় নলʼবা ।

ভালপোৱা যদি সচাঁ হয়,তেন্তে তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো সময় দিয়াৰ চেষ্টা কৰিব|সময়বোৰ কেতিয়াও এনেই অপচয় নকৰিবা ইয়াক সৎ কামত নিয়োজিত কৰা । চাবা এদিন সুখৰ দিন তোমাৰ ওচৰলৈও আহিব ।এজন মানুহে জীৱনত দুটা বস্তুৰ লগতে হাৰি যায়, এটা হল সময় আৰু আনটো হল প্ৰেম, সময় কেতিয়াওঁ কাৰোৰে নহয়, আৰু প্ৰেম কেতিয়াওঁ সকলোৰে নহয় ।

কিছুমান ধুনীয়া সম্পৰ্ক সৰু সৰু ভূলৰ বাবেই ভাঙি যায় । এজনৰ খং, অভিমান আৰু মৰমবোৰ এজনে যেতিয়া বোজা বুলি ভাবি লয় তেতিয়াই সম্পৰ্ক বোৰ চাৰখাৰ হৈ পৰে ।জীৱনত খালি পেটে আৰু খালী জেপে যিখিনি শিক্ষা দিয়ে সেয়া কোনো বিশ্ববিদ্যালয় বা শিক্ষকে শিকাব নোৱাৰে।মানুহৰ শৰীৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱেই হৈছে হৃদয়,। গতিকে,হৃদয়খনেই যদি চাফা  নহয় তেন্তে মানুহৰ জিলিকি থকা ধুনীয়া চেহেৰাটোও একো কামৰ নহয়।. যি পাইছা তাক কেতিয়াও নেহেৰুৱাবা, যি হেৰাই গৈছে তাক বিচাৰি হাবাথুৰি নাখাবা আৰু যি পোৱা নাই সেইয়া তোমাৰ ভাগ্যতেই নাছিল বুলি ভাৱি জীবনটো আগবঢ়াই লৈ যোৱা । কাৰোবাক ভালপাওঁ বুলি কবলৈ সময় নালাগে কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে।

জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে নিজক সংশোধন কৰা, আৰু আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা।সম্বন্ধ যিমানেই বেয়া নহওঁক কিয় ইয়াক একেবাৰে চিঙি পেলাব নালাগে, কিয়নো..

অপৰিস্কাৰ পানী খোৱাৰ উপযোগী নহলেওঁ জুই নুমুৱাৰ বাবে উপযোগী হয় ।তােমাৰ জীৱনলৈ যিমানেই সমস্যা আহিব সিমানেই তুমি সফলতা পায় গৈ থাকিবা, কাৰণ সকলাে সমস্যাই নিজৰ লগত এটা সুযােগ লৈ আহে।সম্পৰ্ক লাগিলে যিয়েই নহওঁক কিয়, এজনে আনজনৰ অনুভূতি বোৰ বুজিবলৈ চেষ্টা কৰিলেহে, সম্পৰ্ক টো ধৰি ৰখাত সহজ হয়।জীৱনত এনেকুৱা মানুহক বন্ধু বনোৱা, যিজনে ‘আইনা, আৰু ‘ছাৰ, দৰে থাকে, কাৰণ আইনাই কেতিয়াও মিছা নকয় আৰু ছাঁ য়ে কেতিয়াও তোমাৰ পিছ নেৰে।জ্ঞানী ব্যক্তিয়ে সদায় আগত চিন্তা কৰে পিছত কথা কয় আৰু অজ্ঞানী ব্যক্তিয়ে সদায় আগত কথা কয় পিছত চিন্তা কৰে। যি মানুহে প্ৰতিটো সময় আনৰ সুখৰ বাবে চিন্তা কৰে আনৰ ভাল হোৱাৰ কামনা কৰে আৰু সকলোকে সন্মান কৰে তেনে মানুহ সদায় অকলশৰীয়া হৈ ৰয় ।হাজাৰটা ভুলৰ পাছতো বাৰে বাৰে আমি সেইজন মানুহকেই ক্ষমা কৰি দিওঁ, যাক আমি কোনো ক্ষেত্ৰতে হেৰুৱাব নিবিচাৰোঁ । যাক আমি হৃদয়ৰ একেবাৰে কাষত ৰাখো ।জীৱনৰ অন্য নাম সংগ্ৰাম ৷ সংগ্ৰাম অবিহনে জীৱন কেতিয়াও জীৱনে হ'ব নোৱাৰে ৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস , মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে।এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ দৰে৷ ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয় ৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া , শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া ৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ বিচৰা তেন্তে শুই বহি সময় নষ্ট নকৰিবা ৷ সেইজনেই প্ৰকৃত সাহসী মানুহ, যিজনে নিজৰ ব্যৰ্থতাৰ কথা লাজ নকৰাকৈ স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে ৷ আন্ধাৰ যিমানেই গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব ৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা,এদিন পোহৰ হ’বই ।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes