Best Assamese Quotes

 




Assamese Quotes

শশানৰ ছাই বোৰ দেখি মনত ভাৱ হয়, কেৱল ছাই হবলৈকে মানুহে গোটেই জীৱনযুৰি কিমান যে আনক জ্বলাই !

কাৰোৱাৰ লগত বেছি আত্মিয়তা ৰখাটো ভাল কথা নহয় । কাৰণ সেই সকল লোকেই দূৰলৈ গুচি যায় ,যাৰ অবিহনে আমি জীয়াই থাকিৱ নোৱাৰো ।

অহংকাৰ তেওঁৱেই কৰে যি বিনা পৰিশ্ৰমত সকলো পায় যায়, কষ্ট আৰু পৰিশ্ৰমৰ ফলত সফল হোৱা মানুহে,অন্য মানুহৰ পৰিশ্ৰমকো সন্মান কৰে ।

মৰম ভৰা দুচকু, সহযোগিতা কৰা দুহাত, সত্য কথা কোৱা জিভা,সৎ পথত চলা দুভৰি,আৰু শ্ৰদ্ধাৰে দোৱাই থকা মূৰ ,ভগৱানৰ অতি প্ৰিয় ।

যেতিয়া জীৱনৰ বিষয়ে চিন্তা কৰিৱা, তেতিয়া সদায় এটা কথা মনত ৰাখিৱা , অনুতাপে অতীত সলনি কৰিৱ নোৱাৰে ,চিন্তাই ভৱিষ্যৎ সুন্দৰ কৰিৱ নোৱাৰে । একাগ্ৰতাৰে কৰা পৰিশ্ৰমেহে মাত্ৰ বাস্তৱিক চমৎকাৰ কৰিৱ পাৰে ।

ভাল সময়তকৈ ভাল মানুহৰ লগত সম্পৰ্ক ৰাখা, ভাল মানুহে ভাল সময়ক আনিৱ পাৰে কিন্তু ভাল সময়ে  ভাল মানুহক আনিৱ নোৱাৰে ।

সুখী থকাৰ অৰ্থ এইটো নহয়,যে চৱ থিক আছে । সুখী থকাৰ অৰ্থ এইটোহে ,যে নিজৰ দুখ বোৰক আওকাণ কৰি জীয়াই থাকিৱলৈ শিকি লোৱা ।

খঙত কোৱা এটা কঠোৰ শব্দ ইমান বিষাক্ত হব পাৰে যে আপোনাৰ সকলো ভাল লগা কথা এক মিনিটত নষ্ট কৰিৱ পাৰে।

Bikiron Phukan

সৰলক কঠীন বনোৱাটো সহজ । কিন্তু কঠীনক সৰল বনোৱাটো বহুত টান । যি জন ব্যক্তিয়ে  কঠীনক সৰল বনাৱ জানে , তেনে ব্যক্তি এজন বিশেষ ব্যক্তি ।

বিচক্ষণতাৰে দুজন মানুহেহে কথা পাতে , এজন হল তেওঁ,যাৰ বয়স বহুত হৈছে আৰু আনজন হল তেওঁ , যি কম বয়সতে বহুত ঘাট প্ৰতিঘাট পাইছে ।

যি জন মানুহে আপোনৰ বেয়া সময়ত আপোনাৰ ত্ৰুটি সমূহৰ হিচাপ কৰোৱাবলৈ লাগি যায় । তেওঁৰ সমান স্বাৰ্থপৰ মানুহ কোনো নাই ।

অসম্ভৱ শব্দৰ ব্যৱহাৰ কেৱল কপুৰুষে কৰে ।বুদ্ধিমানি আৰু জ্ঞানী  ব্যক্তিয়ে নিজৰ ৰাষ্টা নিজেই সাজে ।

চৰাইয়ে কেতিয়াও নিজৰ পোৱালীক বাঁহ সাজি নিদিয়ে । চৰাইয়ে মাত্ৰ পোৱালী বোৰক উৰাৰ কলা শিকাই দিয়ে ।
থিক তেনেদৰে মানুহেও নিজৰ সন্তানক সম্পত্তি গোটাই দিয়াতকৈ জীয়াই থকাৰ কলা শিকোৱাত মনোযোগ দিব লাগে ।

জীৱনৰ সকলোতকৈ বেয়া মূহুৰ্ত কোনটো জানেনে ? যেতিয়া কোনোৱা আপোন জনে আপোনাক ইমান দুখ দিয়ে ,যে দুচকুত চকুলোৰে ভৰি যায় আৰু তেওঁৱেই সুধে কি হল ? আৰু আপোনি হাঁহি হঁহি কৱ লগা হয় ,একো হোৱা নাই !

ভদ্ৰ মানুহৰ ভীৰত বদমাচ বহুত থাকে । কেতিয়াৱা বহু মানুহে জীৱনৰ বাস্তৱতাক নজনাকৈ গুচি যায় ।জীৱন যাত্ৰাত ভাল মানুহ লগ পোৱা যায়।কিন্তু সেই ভাল মানুহ বোৰৰ মাজতো কিছুমান বেয়া মানুহ থাকে ।।

কাৰোৱাক পানী আনিৱলৈ পথিয়ালে আনিৱলৈ যোৱা জনে প্ৰথম নিজেই পি লয় , জীৱনৰ বাস্তৱতা এইয়াই ,যে ইয়াত সকলোৱেই প্ৰথম নিজৰ বাবেই জীয়াই থাকে ।

আপোনি কাৰোৱাৰ ওপৰত খং কৰি ঘৃণাৰে জেঙেৰা মাৰি কথা কয়,তাৰ পাছটো যদি তেওঁ মৰমেৰে উত্তৰ দিয়ে ,তেন্তে মনত ৰাখিৱ তেওঁ আপোনাক নিজতকৈও বেছি ভাল পায় ।

ভাগ্যই তেওঁক লগ দিয়ে । যি জনে সকলো সংকটৰ সমূখিন হৈও নিজৰ লক্ষৰ প্ৰতি দৃঢ় হৈ থাকে ।

কোনোৱা যদি দূৰলৈ গুচি যায়, আমাৰ সিমান বেয়া নেলাগে, কিন্তু আপোন জনে আমাৰ পৰা লাহে লাহে দূৰত্ব বনালে,মনত বহুত আঘাট লাগে ।

যেতিয়া আমি শিশু হৈ আছিলো  ভাৱিছিলো কেতিয়াকৈ ডাঙৰ হম । আৰু যেতিয়া ডাঙৰ হৈ গলো , তেতিয়া অনুভৱ হৈছে কিবা প্ৰকাৰে সৰু হৈ যাৱ পৰা হলে ।

যি জন মানুহে প্ৰতিটো ক্ষণক  উৎসৱ বুলি ভাৱে , যাৰ জীৱনক লৈ অভিযোগ কম, আৰু যিয়ে সৰু সৰু সফলতাৰ বাবেও ভগৱানক ধন্যবাদ দিয়ে , তেনেকুৱা মানুহৰ জীৱনত দুঃখৰ অনুভৱ আনতকৈ বহুগুণে কম হয় । 

হৃদয় এনে এটা শব্দ যিটো ইচ্ছা মতে কাকো দিব পৰা নাযায়। বা কাৰোৱাৰ পৰা লৱ পৰা নাযায় । যিটো কেৱল বিশ্বাস,সন্মান আৰু ভালপোৱাৰ দ্বাৰা অৰ্জন কৰিৱ লগা হয় ।

মনত পেলোৱা আৰু মনত পৰাৰ মাজত পাৰ্থক্য আছে, মনত আমি তেওঁলোকক পেলাও  যি আমাৰ অন্তৰৰ আপোন, আৰু মনত আমি তেওঁলোকৰ পৰো যি আমাক আপোন বুলি ভাৱে ।

জীৱন আৰু প্ৰত্যাহ্বান সকলোৰে ভাগত নপৰে । কাৰণ ভাগ্যইও ভাগ্যশীল মানুহক হে পৰীক্ষা লয় ।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes