অসমীয়া অনুপ্ৰেৰণাময় বাণী
বেয়া পৰিস্হিতিৰ সময়টো যি জনে
যি নিজৰ ওপৰত বিশ্বাস ৰাখে ,তেওঁ পৃথিৱীত যি কোনো কামেই কৰিৱ পাৰে।
কেতিয়াও কোনো বস্তু আপোনাৰ বাবে লাভ জনক নহব , যিটো পাৱলৈ আপোনি আপোনাৰ আত্ম সন্মানৰ লগত বুজা পৰা কৰিৱ লগা হয় ।
বেয়া সময়ৰ এটা বিশেষ গুণ হল যেতিয়া ই আহে ,জীৱনৰ সকলো অৰ্থহীন, স্বাৰ্থপৰ, আৰু বিশ্বাসঘাটক বন্ধুক একেৱাৰে আতৰাই দিয়ে।
ভগৱানৰ ওপৰত বিশ্বাস ৰখাটো ভাল কথা কিন্তু ভগৱানৰ ভৰষাত একো নকৰি বহি থকাটো বেয়া কথা ।
মানুহে যিমানেই ব্ৰেণ্ডেড কাপোৰ নিপিন্ধক কিয় তাৰ কোনো মূল্য নাই ! তেওঁ অন্য মানুহক কেনেকুৱা ব্যৱহাৰ কৰে , সেইটোহে আচলতে গুৰুত্বপূৰ্ণ।
সময়ৰ মূল্য বুজিৱলৈ মন আছে যদি বাতৰি কাগজক চোৱা , যি খন বাতৰি কাগজ ৰাতিপুৱা মূল্যৱান আছিল সেই খনেই ৰাতিলৈ মূল্যহীন হৈ পৰে আৰু কেজিৰ দামত বিক্ৰী হয় ।
অভিমানি মানুহে আনৰ তুলনাত নিজক ডাঙৰ বুলি ভাৱে আৰু স্বাভিমানি মানুহে সকলোকে সমান বুলি ভাৱে ।
যদি আপোনি এইটো ভাৱি একো কৰিৱ পৰা নাই , যে পৃথিৱীয়ে মোক বিশ্বাস নকৰে তেন্তে ভালকৈ চিন্তা কৰি চাই লওক, কাৰণ এই পৃথিৱীয়ে আচলতে কাকোৱেই বিশ্বাস নকৰে ।
এটা মিচা কথাক সচা বুলি প্ৰমাণ কৰিৱলৈ মাত্ৰ দুজন মানুহৰ প্ৰয়োজন , এজন হল যি জনে মিচা কথা কয় । আৰু আন জন হল যি জনে মিচা কথাটোক সচা বুলি বিশ্বাস কৰে ।
যাৰ আত্ম সন্মান আছে তেওঁ নিজৰ কাম নিজেই কৰে।তেওঁ আন কাৰোৱাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াও নচলে ।
কাৰোৱাক বিশ্বাস কৰোতে কেতিয়াও খৰ খেদা নকৰিৱ । যি জন মানুহে বহু সময়লৈকে বিশ্বাস ভংগ নকৰে তেওঁহে বিশ্বাস কৰাৰ যোগ্যতা অৰ্জন কৰে।
সেই জন মানুহৰ সন্মান কেতিয়াও নকৰিৱা যি জন মানুহে তোমাৰ সন্মান নকৰে । তাক অহংকাৰ বুলি নকয় । তাক আত্মসন্মান বুলি কোৱা হয় ।
মানুহৰ মাজত এনেকৈ থাকা । যেনেকৈ ৩২ টা দাতৰ মাজত জিভা খন থাকে । জিভা খনে সম্পৰ্ক টো সকলো দাতৰ লগতে কৰে কিন্তু কাৰোৰে তলত চেপা নাখায় ।
যিটো সম্পৰ্কত সন্মান নাই ,সেইটো সম্পৰ্কত থকাতকৈ ,সম্পৰ্ক ভাঙি দিয়াটো বেছি ভাল, কাৰণ সকলোতকৈ মহত্তপূৰ্ণ বস্তুটোৱেই হল আত্মসন্মান ।
আনক সুখী কৰিৱলৈ নিজৰ মূল সিদ্ধান্ত বোৰৰ লগত বুজা পৰা কেতিয়াও কৰিৱ নেলাগে, সদায় নিজৰ স্বাভীমানক ৰক্ষা কৰি চলিৱ লাগে ।
যি জন মানুহে নিজৰ অভ্যাস সলনি কৰি লৱ তেওঁৰ ভৱিষ্যৎ সলনি হব । আৰু যি জনে অভ্যাস সলনি কৰিৱ নোৱাৰিৱ তেওঁৰ লগত ভৱিষ্যতেও সেইটোৱেই ঘটিৱ যিটো আজিলৈকে ঘটি আহিছে ।
আপোনি কি ভাৱে, আপোনি কি কয় আৰু আপোনি কি শুনে সেইটো কোনো ডাঙৰ কথা নহয়,প্ৰাৰ্থক্য সেই খিনিত হে আহে আপোনি নিজক কি বুলি বিশ্বাস কৰে ।আজি নহলেও কাইলৈ আপোনি সেইটোৱেই আচলতে বনি যায় ।
নিজৰ সময় কাৰোৱাক দিয়াৰ আগত দুবাৰ চিন্তা কৰি লওক , কাৰণ সময়ত সময়ৰ হিচাপ আপোনিয়েই দিব লাগিৱ ।
যদি আপোনি পইচা নষ্ট কৰে , তেন্তে আপোনাৰ ওচৰত পইচাৰ অভাৱ হব। কিন্তু আপোনি যদি সময় নষ্ট কৰে তেন্তে জীৱনৰ এক অমূল্য অংশক হেৰুৱাই পেলাৱ ।
যদি আপোনি কাৰোবাৰ লগত বেয়া কৰিছে, তেন্তে আপোনিও নিজৰ বেয়া হোৱাৰ বাবে অপেক্ষা কৰক । কাৰণ কৰ্মফলৰ চক্ৰ সদায় উলতি আহে ।
সফলতা সুখী হোৱাৰ চাৱিকাঠি নহয়। সুখ হে আচলতে সফলতা পোৱাৰ চাৱি কাঠি। আপোনি যি কৰি আছে তাক যদি আপোনি সচাকৈয়ে ভাল পায় তেন্তে আপোনি সফলতা পোৱাত কোনেও বাধা দিব নোৱাৰে ।
Comments
Post a Comment