ভাগৱত গীতাৰ বাণী

 ভাগৱত গীতাৰ মতে জীৱনত আমি কিমান শুদ্ধ আৰু কিমান ভূল সেইটো কেৱল দুজন ব্যক্তিয়ে জানে, এজন হল পৰমাত্মা আৰু আন জন হল আমাৰ অন্তৰাত্মা !যেতিয়ালৈকে শৰীৰ থাকিৱ। তেতিয়ালৈকে দূৰ্বলতাও থাকিৱ । গতিকে দূৰ্বলতাৰ চিন্তা এৰি যিটো শুদ্ধ কৰ্ম তাৰ ওপৰত মনোযোগ দিয়া। কাৰোবাৰ ভাল কৰিৱ নোৱাৰিলে বেয়াও নকৰিবা। কাৰণ পৃথিৱী খন দূৰ্বল হব পাৰে,কিন্তু পৃথিৱী খনক সৃষ্টি কৰা জন কেতিয়াও দূৰ্বল নহয় ।সত্য ধৰ্মৰ অৰ্থ হল, যি বোৰ কথা মানুহে নিজৰ বাবে বেয়া বুলি ভাৱে সেই বোৰ আনৰ বাবেও প্ৰয়োগ নকৰাটো!ইতিহাসে কয়,অতীতত সুখ আছিল,বিজ্ঞানে কয় ভৱিষ্যতে সুখ হব । কিন্তু ধৰ্মই কয়, হৃদয় যদি ভাল হয় তেন্তে প্ৰতিটো দিনেই সুখৰ হব। যিটো হব লগিয়া আছে সেইটো কিবা প্ৰকাৰে হলেও হবই,আৰু যিটো হব লগিয়া নাই সেইটো কোনোপধ্যে নহয়,এই কথা যি জন মানুহে বুজে তেওঁক দূঃচিন্তাই কেতিয়াও আমনি কৰিব নোৱাৰে। যি জন ব্যক্তিৰ ওচৰত ধৰ্য্যৰ শক্তি আছে,সেই জন ব্যক্তিৰ শক্তিৰ আগত কোনেও টিকিব নোৱাৰে ।न तो यह शरीर तुम्हारा है और न

ही तुम इस शरीर के मालिक हो,

यह शरीर 5 तत्वों से बना है –

आग, जल, वायु, पृथ्वी और आकाश,

एक दिन यह शरीर इन्ही

5 तत्वों में विलीन हो जाएगा । সত্যই কেতিয়াও দাবি নকৰে, যে মই সত্য কিন্তু অসত্যই সদায় দাবি কৰে যে মইয়েই কেৱল সত্য ।শুদ্ধ কৰ্ম সেইটো নহয় যে যাৰ পৰিণাম সদায় শুদ্ধই হব তাৰ পৰিৱৰ্তে শুদ্ধ কৰ্ম হল যাৰ উদ্দেশ্য কেতিয়াও বেয়া নহয় । পৰিৱৰ্তনেই হৈছে সংসাৰৰ নিয়ম। কেতিয়াৱাএটা মুহুৰ্ততে আমি কোটি টকাৰ মালিক বনি যাও আৰু আনটো মুহুৰ্ততে আমাৰ অনুভৱ হয়, আমাৰ ওচৰত যেন একোৱেই নাই !

মানুহ নিজৰ বিশ্বাসৰ বলত বনে। যেনেকুৱা তেওঁ বিশ্বাস কৰিৱ তেওঁ তেনেকুৱাই বনি যায় । যিটো ব্যৱহাৰ আপোনি আনৰ পৰা পোৱাটো পচন্দ নকৰে ,সেই ব্যৱহাৰ আপোনিও কাৰোৰে লগত কেতিয়াও নকৰিৱ। খঙৰ পৰা ভ্ৰমৰ সৃষ্টি হয়,ভ্ৰমৰ পৰা বুদ্ধি নষ্ট হয় , বুদ্ধি নষ্ট হলে বিবেক নষ্ট হয় । আৰু বিবেক নষ্ট হলে মানুহৰ পতন হয় ।জীৱনত না ভবিষ্যৎ আছে না অতীত আছে।

জীৱন কেৱল মুহূৰ্তৰ বাবে,

অর্থাৎ মুহূৰ্তক অনুভৱ কৰাকেই জীৱন বুলি কোৱা হয়।যদি কোনো ঘটনাত মানুহ ভয়প্রাপ্ত হয় তেনেহলে তেওঁৰ পৰাজয় হয়,আৰু যিজনে চৱ হেৰুৱাইও শান্ত হৈ থাকে তেন্তে তেওঁ হ'ল বিজয়ী।আজি যি টো বস্তু তোমাৰ ওচৰত আছে

সেয়া আগত আন কাৰোবাৰ আছিল,আৰু ভবিষ্যতে বেলেগ কাৰোবাৰ হৈ যাব

এয়াই হৈছে সংসাৰৰ নিয়ম।

যি জন মানুহে মনক জয় কৰি ললে, তেওঁ অৱশ্যেই শান্তি পালে আৰু শান্তিৰ দ্বাৰাই তেওঁ পৰমাত্মাকো পালে। এনেকুৱা মানুহৰ বাবে সুখ দুখ, গীস্ম শীত,মান অপমান সকলো একেই !তেওঁৰ বাবে মন হৈছে সকলোতকৈ ভাল বন্ধু, আৰু যিয়ে মনক জয় কৰিব নোৱাৰিলে তেওঁৰ বাবে মনেই হৈছে সকলোতকৈ ডাঙৰ শত্ৰু।

যি জন মানুহে ফলৰ আশা ত্যাগ কৰি কৰ্ম কৰে তওঁৱেই জীৱনত সফল হব পাৰে।প্ৰত্যেক বুদ্ধিমান ব্যক্তিয়ে খং আৰু লোভ ত্যাগ কৰিব লাগে । কাৰণ খঙ আৰু লোভৰ দ্বাৰা আত্মাৰ পতন হোৱাটো নিশ্চিত ।প্ৰেমেই হৈছে পৃথিৱীত সকলোতকৈ ধুনীয়া বস্তু যাক চাৱ নোৱাৰি আৰু চুৱ নোৱাৰি । যাক কেৱল হৃদয়ৰ পৰা অনুভৱ কৰিৱ পাৰি ।পৃথিৱীত সকলো মানুহেই কথা কৱ জানে কিন্তু কিছুসংখ্যক মানুহেহে জানে কেতিয়া কোন পৰিস্হিত কি কৱ লাগে । যি জন মানুহে সকলো জীৱৰে সুখ আৰু দুখক নিজৰ সুখ আৰু দুখৰ সমান বুলি ভাৱে আৰু সকলোকে সমভাৱে চই ! তেওঁৱেই শ্ৰেষ্ট মানুহ।






Comments

Popular posts from this blog

Best Assamese Motivational Quotes