অসমীয়া
মানুহৰ আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওঁক কিয় জীৱনৰ সঠিক আনন্দ লবলৈ হলে, মানসিক অৱস্থা ভাল হবই লাগিব !কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা ৷ সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্ত্তী হৈ এনে কোনোধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ’বলগা হয় ৷আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম হৈছে বিফলতা নামৰ ৰোগটো কমাবলৈ সৰ্বশ্ৰেষ্ঠ ঔষধ। ই আপোনাক এজন সফল ব্যক্তি কৰি তুলিব।
জীৱনৰ জটিল পৰিস্থিতিত যেতিয়া ধৈৰ্য আৰু সাহস সকলো হেৰাই যায়,
তেতিয়া সেই মৌনতাৰ মাজৰ বিষাদবোৰ,কেৱল নিজৰ মাকেহে দেখি পায়।মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়, প্ৰেম হৈ গলে ৰূপৰ মূল্য জোখা নহয়, মাথোঁ এজনকেই সপি দিয়া জীৱনৰ সমস্ত, কিয়নো পচন্দ হোৱা কোনো বস্তুৰ মূল্য কেতিয়াও জোখা নহয় ।যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা ৷ কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া ৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা।
প্ৰকৃততে সেইসকল মানুহেহে প্ৰেমৰ কোমল অনুভূতি বোৰক অনুভৱ কৰিব পাৰে, যি সকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰি কেৱল মাথো সচা ভাল পাব হে জানে ।নিজৰ সপোনক সদায় জীয়াই ৰাখিৱলৈ চেষ্টা কৰিবা । নহলে তোমাৰ সপোনৰ অগ্নি শলিতা নুমাই গলে,তুমি এক জীৱিত মৃতদেহলৈ পৰিৱৰ্তীত হবা ।সেইজনৰ পৰা সদায় সাৱধানে থাকিব ,যি আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে আৰু পাছ মুহূৰ্ততে অন্য এজনৰ আগত আপোনাৰ বদনাম গাবলৈও কুণ্ঠাবোধ নকৰে।প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি পেলায়, আকৌ এচাম মানুহ আছে , যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনটোক প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে।কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ঙ্কৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে – আলস্য, বদ অভ্যাস আৰু অভাৱ। কেতিয়াও ধৈৰ্য আৰু সাহস নেহেৰুৱাবা ৷ কেতিয়াও হতাশ নহ’বা , যদি হতাশ হোৱাও তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যোৱা । গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতেই যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে | ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ আমাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সদায় সেইটো জনা উচিত ।কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা ৷ বৰং সমস্যাকহে তোমাৰ অধীন কৰা আৰু তাক
নি:শেষ কৰা ৷ তুমি যদি প্ৰকৃততে নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা , তেন্তে তুমি দুটা কথাৰ বিচাৰ সদায়েই কৰিবা ৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আছে আৰু কোনবোৰ কাম তোমাৰ সাধ্যৰ বাহিৰত ।প্ৰতিজন মানুহৰ মাজতেই অসীম সম্ভাৱনা আছে । নিজৰ শক্তি আৰু ক্ষমতাৰ ওপৰত আস্থা ৰাখিলে আৰু নিজৰ অন্তৰত চিৰ তাৰুণ্যৰ সোঁত বোৱাই ৰাখিলে মানুহে জীৱনত স্থিৰ কৰি থোৱা লক্ষ্যত উপনীত হব নোৱাৰাৰ কোনো কাৰণ নাই ৷ নিজকে বাৰে বাৰে এই কথাটোকেই ক’বা যে – এইটো নিৰ্ভৰ কৰে একান্তই মোৰ নিজৰ ইচ্ছা আৰু অভিপ্ৰায়ৰ ওপৰত ।তুমি যদি সদায় কেৱল বৰ্তমানৰ ওপৰত মনোযোগ নিবদ্ধ কৰিব পাৰা, তেন্তে তুমি এজন সুখী মানুহ হ’ব পাৰিৱা ৷ তুমি দেখিবা যে মৰুভূমিত জীৱন আছে , আকাশত তৰা আছে, জীৱনটো এটা উৎসৱ , কাৰণ আমি কেৱল এই মুহূৰ্তটোৰ কাৰণেহে জীয়াই আছো।যেতিয়া তুমি অনুপ্ৰাণিত হোৱা, ঠিক তেতিয়াই লক্ষ্য নিৰ্ধাৰণ কৰা আৰু লক্ষ্যটোৰ পিছত অপ্ৰতিৰোধ্য ভাৱে কাম কৰিৱলৈ লাগি যোৱা, তেতিয়াহে জীৱনে এটা মূল্যৱান অৰ্থ পাৱ।সকলো মানুহেই বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যাৱক, কিন্তু কোনেও মনৰ পৰা নিবিচাৰে, নিজতকৈ অন্য কোনোবা এজন মানুহ বেছি আগবাঢ়ি যাৱক ।আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানেই বেছি সমস্যাৰ সন্মুখীন হ'ব আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব তেতিয়া আপোনাৰ ডাঙৰ ডাঙৰ সপোনবোৰ পূৰণ হ'ব ।আমি যদি বিচাৰো তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰো । কিন্তু আমি যদি আমাৰ ভাগ্য লিখিবলৈ নিবিছাৰি হাত সাৱতি বহি থাকো,তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি পেলাৱ ।প্ৰতিটো সূৰ্য্যাস্তই যদিও আমাৰ এটা দিন কমাই দিয়ে কিন্তু সূৰ্য্যোদয়ে সদায় এক নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনে । নিজক ইমানেই শক্তিশালী বনাৱক যে কোনেও আপোনাক ইচ্ছা কৰিও আপোনাৰ লক্ষৰ পৰা আতৰাৱ নোৱাৰে ।
Comments
Post a Comment