New
পৃথিৱীৰ নিয়ম, যেতিয়ালৈকে তুমি কামত আহিৱা তেতিয়ালৈকে তোমাৰ নাম লৱ , কামত নাহিলে দূৰৰ পৰাই নমস্কাৰ দিব। সপোনটো সকলোৱে মিঠাই দেখে কিন্তু আচৰিত হও, সপোন ভাঙি যোৱাৰ পাছত চকুৰ পানীবোৰ ইমান নিমখীয়া কিয় হয় ? পৃথিৱীত টকাৰ মূল্য যিমানেই তললৈ পৰি নেযাৱক কিয় ইমান তললৈ পৰি নেযায়, যিমান মানুহে টকাৰ বাবে তললৈ পৰি যায়। জীৱন কেতিয়াও এটা মিনিটত সলনি নহয়, এটা এটা মিনিটত লোৱা সিদ্ধান্ত বোৰেহে জীৱনটোক সলনি কৰি পেলায়। ক্ষমা খুজাৰ অৰ্থ এইটো নহয় যে কোন ভূল অথৱা কোন শুদ্ধ, ক্ষমা খুজাৰ আচল অৰ্থটো হল, আমি সেই সম্পৰ্কটোক কোনোপধ্যে হেৰুৱাব নুখোজো ।সফলতা পাৱলৈ কোনো বিশেষ সময়লৈ অপেক্ষা নকৰিৱা । তাৰ পৰিৱৰ্তে নিজৰ সকলো সময়ক বিশেষ বনাই লোৱা ।মাটিৰৰ কলহ আৰু পৰিয়ালৰ মূল্য বনোৱা জনেহে বুজি পায় ভঙা জনে কেতিয়াও নুবুজে।নিজক যদি সফল ৰুপে চাৱ খুজা তেন্তে আজিৰ পৰা, নিজক সফল বুলি মানি লৱলৈ আৰম্ভ কৰা । কাৰণ সফলতাৰ চিত্ৰ খন প্ৰথম আমাৰ মগজুতেই বনে, আৰু পাছত সত্যৰুপে সন্মূখলৈ আহে।কোনো ভাল মানুহৰ লগত জুখতকৈ বেছি বেয়া ব্যৱহাৰ কেতিয়াও নকৰিৱা । কাৰণ সুন্দৰ আইনা যেতিয়া ভাঙি যায় বহুত চোকা অস্ত্ৰ বনি যায়।বিশ্বাস সকলোকে কৰক কিন্তু সাৱধানেৰে । কাৰণ কেতিয়াৱা কেতিয়াৱা নিজৰ দাত বোৰেই নিজৰ জিভা খনক বেয়াকৈ আঘাট দিয়ে ।পৃথিৱীত বেছি ভদ্ৰ হলে কাম নচলে, যিমানেই তল পৰিৱা, সিমানেই মানুহে গচকিৱলৈ চেষ্টা কৰিৱ গতিকে মানুহ চাইহে ভদ্ৰতা দেখুৱাবা । যেতিয়া তিতা মাত আৰু বুকুৰ আঘাট সহ্য কৰিৱ পৰা হবা, বুজি লৱা জীৱন জীয়াৱলৈ শিকি গৈছা ।সময়তকৈ বেছি কেৱল মাত্ৰ সেই বোৰ সম্পৰ্কক মূল্য দিয়ক , যি বোৰ সম্পৰ্কই আপোনাৰ বেয়া সময়ত আপোনাক লগ দিছিল ।কাৰোৱাৰ ভৰিত পৰি সফলতা পোৱাতকৈ নিজৰ ভৰিৰে খুজ দি কিৱা এটা বনাৰ সংকল্প লোৱা উচিত ।প্ৰতিটো কথা যদি হৃদয়ৰ পৰা লোৱা তেন্তে কান্দি কান্দিয়েই থাকি যাৱা । সেই বাবে যি যেনেকুৱা আছে তেওঁ লোকৰ লগত তুমিও তেনেকুৱাই বনি যোৱা ।যাৰ সমূখত আপোনি মন খুলি হাঁহিৱ পাৰে তেওঁৰ লগত আপোনি গোটেই দিনটো কটাৱ পাৰিৱ । কিন্তু যাৰ সমূখত আপোনি কান্দিব পাৰে তেওঁৰ লগত আপোনি গোটেই জীৱন কটাব পাৰিৱ ।আচৰিত কথা , অন্য মানুহক সহায় কৰিৱলৈ কাৰোৰে ওচৰত সময় নেথাকে, কিন্তু অন্য মানুহৰ কামত বাধা দিবলৈ সকলোৰে ওচৰত সময় থাকে ।
বৰষুণৰ টোপাল লাগিলে সৰুৱেই হওক,কিন্তু একেৰাহে পৰি থাকিলে ডাঙৰ ডাঙৰ নদীৰ সোত বনি যায়, থিক তেনেদৰে, আমাৰ সৰু সৰু চেষ্টাইও জীৱনলৈ বহুত ডাঙৰ পৰিৱৰ্তন আনিৱ পাৰে।যদি কোনোৱাই তোমাৰ হৃদয় ভাঙে তেন্তে দুখ নকৰিৱা,কাৰণ প্ৰকৃতিৰ এইয়া নিয়ম , যি জোপা গছত সকলোতকৈ বেছি মিঠা ফল লাগে সেই জোপা গছলৈ সকলোৱে শিল গুটি দলিয়াই !প্ৰশংসা লাগিলে যিমানেই নকৰা কিয় ? অপমান কিন্তু ভাৱি চিন্তি কৰিৱা,কাৰণ অপমান হৈছে এনেকুৱা এক প্ৰকাৰৰ ঋণ,যি সুযোগ পালে সুত মূলে ঘূৰি আহে ।কাৰোবাৰ স্মৃতিত পৰি বাৰে বাৰে কান্দি থকাতকৈ আপোনি আপোনাৰ শক্তিক নিজৰ লক্ষত ব্যৱহাৰ কৰক আৰু ইমানেই সফল বনি যাৱক,যে এদিন আপোনাক এৰি যোৱা জনে কান্দিবলৈ বাধ্য হয় ।নিজৰ সমস্যা বোৰৰ লগত সদায় নিজেই যুজিব লাগিৱ ।কাৰণ জ্ঞান টো সকলো মানুহেই দিব কিন্তু লগ কোনেও নিদিয়ে । তল পৰি দিলে যদি সম্পৰ্ক গভীৰ হয় তেন্তে তল পৰি দিয়া। কিন্তু প্ৰতি বাৰে তুমিয়েই যদি তল পৰিৱ লাগে তেন্তে ৰৈ দিয়া । পৃথিৱীৰ বাস্তৱতা হল, সত্য মানুহে অসত্য মানুহতকৈ বহু গুণে বেছি জাবাৱদিহি হব লগা হয় ।সকলো মানুহকে নিজৰ দূৰ্বলতাৰ বিষয়ে কৱ নালাগে , কোনে জানে ভৱিষ্যৎৰ সময়ত তেওঁ হয়টো আপোনাৰ বিৰুধী বনি যায় আৰু দূৰ্ভাগ্যবঃসত আপোনাৰ সকলো দূৰ্বলতাৰ কথা তেওঁ গম পায় ।যেতিয়ালৈকে তুমি ভয় কৰি থাকিবা । তেতিয়ালৈকে তোমাৰ জীৱনৰ সিদ্ধান্ত অন্য লোকেই লৈ থাকিৱ ।
Comments
Post a Comment