Next
কাৰোবাৰ লগত তৰ্ক কৰি জয়ী হোৱাতকৈ, নিৰৱে থাকি তেওঁক পৰাজয় কৰক, কাৰণ যি জন মানুহে আপোনাৰ লগত তৰ্ক কৰিৱলৈ সদায় প্ৰস্তুত হৈ থাকে, তেওঁ আপোনাৰ নিৰৱতাক কেতিয়াও সহ্য কৰিব নোৱাৰিৱ।আনন্দ এক আভাস,যাক প্ৰতি জনেই বিচাৰি ফুৰিছে। দুঃখ এক অনুভৱ, যিটো আজি সকলোৰে ওচৰত আছে,জীৱনত তেওঁৱেই সফল যাৰ নিজৰ ওপৰত বিশ্বাস আছে।এই জীৱনত কোনো কাৰোৰে আপোন নহয়। আমি ভাৱো কোনোৱাটো আছে যি মাত্ৰ আমাৰ কথা চিন্তা কৰে । কিন্তু সময় আহিলে সিও আমাৰ হৈ নাথাকে ।সলনি হৈ যায় ।বদমাছ হাঁহিয়ে লাগিলে হাজাৰ হাজাৰ মানুহৰ হৃদয় লুটি লওক কিন্তু নিমাসিত হাঁহিয়ে প্ৰায়ে আত্মাক চুই যায় lভাল কাপোৰ পিন্ধিলে কোনো ডাঙৰ মানুহ নবনে ।ভাল চিন্তা আৰু ভাল বিচাৰৰ দ্বাৰা হে ডাঙৰ মানুহ বনিৱ পাৰি ।।জীৱনত যেতিয়া হাঁহিবলৈ বিভিন্ন কাৰণ আছে , এটা মাত্ৰ কাৰণৰ বাবে কিয় কান্দিব লাগে? ভগৱানে কয়,উদাশ নহবা,মই তোমাৰ লগত আছো।সম্মুখত টো নাই কিন্তু ওচৰে পাজৰে আছো।চকু মোদী হৃদয়ৰ পৰা স্মৰণ কৰা অন্য একোটো নহয়,তোমাৰ বিশ্বাসেই মই !অহংকাৰ আৰু সংস্কাৰৰ মাজত পাৰ্থক্য আছে অহংকাৰে আনক সৰু কৰি সুখী হয় , আৰু সংস্কাৰে নিজক সৰু কৰি সুখী হয়।শব্দ আৰু চিন্তাই দূৰত্ব বঢ়াই দিয়ে,কাৰণ কেতিয়াৱা আমি বুজি নেপাও আৰু কেতিয়াৱা আমি বুজাৱ নোৱাৰো। যি জন ব্যক্তিয়ে তোমাক বুজাৱ পাৰে আৰু নিজেও তোমাক বুজি পায়, তেনে ব্যক্তি হৃদয়ৰ সকলোতকৈ ওচৰৰ হয়। কিন্তু আজিৰ সময়ত তেনেকুৱা মানুহ সৌভাগ্যৰ ফলত হে পোৱা যায়।কথা শুনাৰ অভ্যাস গঢ়ি তোলা কাৰণ কথা শুনোৱা মানুহ বহুত আছে,ভালকৈ হাঁহিবলৈ শিকি লোৱা,কাৰণ কন্দোৱা মানুহ বহুত আছে।ওপৰলৈ উঠাৰ অভ্যাস গঢ়ি তোলা,কাৰণ ভৰিত ধৰি টনা মানুহ বহুত আছে।নুবুজাকৈ কাকো পচন্দ নকৰিৱা, নুবুজাকৈ কাকো ত্যাগো নকৰিবা। কাৰণ উদ্বেগ হৃদয়ত থাকে শব্দত নাথাকে।আৰু খং শব্দত থাকে হৃদয়ত নাথাকে।নাম আৰু পৰিচয় লাগিলে সৰুৱেই হওক কিন্তু নিজৰ হব লাগে । সকলোকে সন্মান কৰাটো বহুত ভাল কথা কিন্তু আত্মসন্মানৰ সতে জীয়াই থকাটো নিজৰ পৰিচয় ।পানীত পৰিলে কোনো মানুহৰ মৃত্যু নহয়, মৃত্যু তেতিয়া হয় যেতিয়া মানুহে সাতুৰিৱ নাজানে ।থিক তেনেদৰে, পৰিস্হিতি বোৰ সমস্যা তেতিয়া বনি যায় যেতিয়া আমি পৰিস্হিতি বোৰক সম্ভালিৱ নেজানো।বিশ্বাস ভাঙি গলে তাৰ শব্দ শুনা পোৱা নাযায় কিন্তু তাৰ প্ৰতিধ্বনী গোটেই জীৱন শুনা পোৱা যায়।যেতিয়া কোনো মানুহৰ ওপৰত থকা বিশ্বাস ভাঙি যায় তেন্তে ক্ষমা কৰি দিয়াৰ কোনো অৰ্থ নাথাকে ,কাৰণ ভূল আৰু বিশ্বাসঘাটকতাৰ মাজত পাৰ্থক্য আছে।ভাল মানুহৰ পৰীক্ষা কেতিয়াও নলৱা,কাৰণ ভাল মানুহ পাৰাৰ দৰে । যেতিয়া তুমি আঘাট কৰিবা , তেওঁলোক ভাঙি নাযায় কিন্তু তোমাৰ জীৱনৰ পৰা লাহে লাহে আতৰি যাৱ।আশা বোৰ এনেকুৱা হওক যিয়ে আমাক লক্ষস্হানলৈ লৈ যায়,লক্ষস্হান এনেকুৱা হওক যিয়ে জীৱন জীয়াৱলৈ শিকায় দিয়ে ।জীৱন এনেকুৱা হওক,যিয়ে সম্পৰ্ক বোৰক গুৰুত্ব দিয়ে। আৰু সম্পৰ্ক বোৰ এনেকুৱা হওক, যাক স্মৰণ কৰিৱলৈ বাধ্য কৰি দিয়ে ।কিবা এটা কৱলৈ আৰু কিবা এটা ভাঙিৱলৈ এটা মাত্ৰ মূহুৰ্ত লাগে কিন্তু কাৰোবাক বুজাৱলৈ আৰু কিবা এটা সাজিৱলৈ গোটেই জীৱন লাগি যায়। যি জন মানুহে কেৱল নিজৰ বাবে জীয়াই থাকে, তেওঁৰ এদিন নিশ্চয় মৰণ হয় কিন্তু যি জন মানুহে আনৰ বাবে জীয়াই থাকে তেওঁৰ সদায় স্মৰণ হয় ।প্ৰেমে সদায় ক্ষমা খুজিৱলৈ পচন্দ কৰে আৰু অহংকাৰে সদায় ক্ষমা খুজোৱাবলৈ পচন্দ কৰে।
এইটো নেভাৱিবা যে তোমাৰ সপোন কিয় পূৰা হোৱা নাই,সাহসী মানুহৰ অভিপ্ৰায় কেতিয়াও আধৰুৱা হৈ নৰয়। যি মানুহৰ কৰ্ম ভাল তেনে মানুহৰ জীৱন কেতিয়াও আন্ধাৰ নহয়। কোনো মূৰ্খ মানুহৰ আগত নিজৰ জ্ঞানৰ পৰিচয় দিয়াটোও এক মূৰ্খামী। কেতিয়াৱা কেতিয়াৱা মূৰ্খ মানুহকো প্ৰশংসা কৰাটোও এক বিচক্ষণতাৰ পৰিচয়।
দুঃখ চাৱলৈ মন আছে যদি পিছলৈ চোৱা।সুখ চাৱলৈ মন আছে যদি আগলৈ চোৱা আৰু এই দুইটাৰ ওপৰত সচা সুখ চাৱলৈ মন আছে যদি বৰ্তমানক জ্ঞানৰ চকুৰে চোৱা। সফল সাধাৰণতে সেই সকল লোকেই হয়,যি সকলে জীৱনত ডাঙৰ ডাঙৰ ধুমুহাকো সৰু সৰু বতাহৰ স্পৰ্শৰ দৰে দিশ সলনি কৰি দিয়ে। নিজৰ বেয়া অৱস্হাক লৈ কেতিয়াও আক্ষেপ কৰিব নেলাগে,কাৰণ যি মানুহৰ অৱস্হা সংঘাটিক বেয়া হয় সেই বোৰ মানুহেই সাধাৰণতে জীৱনত সফল হয় ।lসময়ৰ লগত সলনি হৈ যোৱাৰ কলা সকলোৰে ওচৰত আছে কিন্তু আনন্দ তেতিয়া লাগে যেতিয়া সময় সলনি হৈ যায় কিন্তু মানুহ সলনি নহয় ।ভৰিত লগা আঘাটে সাৱধানে খুজ দিবলৈ শিকাই,আৰু মনত লগা আঘাটে বিবেকেৰে জীয়াই থাকিৱলৈ শিকায়।সফলতা এটা এনেকুৱা বস্তু যিটো পৰিশ্ৰমৰ দ্বাৰা পাৱ পাৰি আৰু বিশ্বাস এটা এনেকুৱা বস্তু যিটো মাত্ৰ নিজক ভৰসা কৰিলেহে পাৱ পাৰি lভাল বনিৱলৈ কাৰোৰে নকল কৰাৰ প্ৰয়োজন নাই! নিজেই ইমান ভাল বনি যোৱা যে মানুহে তোমাৰ নকল কৰে ।প্ৰেম এটা এনেকুৱা বস্তু যিয়ে মানুহক পৰি যাৱলৈ নিদিয়ে ।আৰু ঘৃণা এটা এনেকুৱা বস্তু যি মানুহক কেতিয়াও উঠিবলৈ নিদিয়ে।গছৰ গুটিক যিমানেই মাটিৰ তলত চেপা দিয়া নহওক কিয় সি অংকুৰণ হবই,তেনেকৈ পৰিশ্ৰমী মানুহক যিমানেই চেপা দিয়া নহওক কিয়,তেওঁ কিন্তু আগবাঢ়ি যাবই ।
Comments
Post a Comment