Assamese Motivational Speech
যদি হৃদয় খন সচা আৰু মনটো সৰল হয় তেন্তে জীৱনত এটা সম্পৰ্ক গঢ়িৱলৈ বা কাৰোৱাক ভাল পাৱলৈ এজনেই যথেষ্ট ।কোনোৱাই আপোনাক যদি এটা সম্পৰ্কৰ পৰা আতৰি আহিবলৈ বাধ্য কৰাইছে তেন্তে আতৰি আহক আপোনি তেওঁক হেৰুওৱা নাই বৰঞ্চ তেওঁহে আপোনাক হেৰুৱাইছে । বস্তুবোৰ সলনি হয় চিনাকী বোৰ আতৰি যায়,কিন্তু জীৱন কাৰোৰে বাবে থমকি নৰয় । দুখত সান্তনা দিয়া বহুতো মানুহ পাৱা কিন্তু সমভাগী হব পৰা সংগী এজন পোৱাটোহে যথেষ্ট কঠীন। নাপাওঁ বুলি জনাৰ পাছটো তোমাক ভালপায় থকা জনৰ প্ৰেম হে প্ৰকৃত প্ৰেম,অন্যথা নিজৰ প্ৰয়োজন আৰু স্বাৰ্থৰ বাবে ভালপোৱা জনে একেবাৰেই আতৰি যায়গৈ। সমস্যা সমাধান হবনে নাই এই কথা নিৰ্ভৰ কৰে,আমাৰ জীৱনত নিদেৰ্শক হিচাপে কোন থাকে,তাৰ এটা উৎকৃষ্ট উদাহৰণ হৈছে, দুৰ্যোধনে শকুনিৰ উপদেশ লৈছিল,আৰু অৰ্জুনে শ্ৰীকৃষ্ণৰ পৰা । সুখী হবলৈ জীৱনে আমাক বহুতো কিবা কিবি দিয়ে কিন্তু আমি সদায় নোপোৱা খিনিক লৈ দুখ কৰি থাকো,সেইয়াই আমাৰ দুষ।লাগিলে খুৱ কম মানুহৰ লগত সম্পৰ্ক গঢ়ক কিন্তু সচা আৰু হৃদয়ৰ পৰা হব লাগে।চিনাকী হোৱা সকলো মানুহেই মনত থাকে কিন্তু বিশেষ কিছুমান মানুহলৈ সদায় মনত পৰে। যি বোৰ মানুহ বিশ্বাসহীন সেই বোৰ মানুহক গুৰুত্ব দি কেতিয়াও সময় নষ্ট নকৰিৱা ।তুমি দেখিৱলৈ যেনেকুৱাই নোহোৱা কিয়,তোমাৰ ভিতৰত থকা অনুকম্পা আৰু সংস্কাৰেহে তোমাক সকলোতকৈ ধুনীয়া কৰি তুলে।
আনে আপোনাৰ বিষয়ে কি কয় কৈ থাকিৱলৈ দিয়ক,আপোনি মাত্ৰ নিজৰ পথত আগুৱাই যাৱক,ভাল সময় এদিন নহয় এদিন আহিৱই !সকলোৰে বাবে সকলো সময়তে উপলব্ধ নহবা নহলে তোমাৰ মূল্য আৰু গুৰুত্ব দুয়োতাই কমিব ।কাকো ধৰি ৰাখিৱলৈ চেষ্টা কৰিৱ নেলাগে,থাকিৱলৈ বিচৰা জনে যি কোনো পৰিস্হিতিতে আপোনাৰ লগত থাকি যাৱ ।নিজক ইমান দূৰ্বল কৰি নুতুলিৱা,যে তোমাক আনৰ সহানুভূতিৰ প্ৰয়োজন হয় ।আমি সহজতেই কাৰোৱাৰ প্ৰেমত পৰো আৰু খুৱ সহজতেই আতৰিও আহো,সম্পৰ্ক এটাৰ নাম দিয়াটো বহুত সহজ কিন্তু সম্পৰ্কটোক আগুৱাই নিয়াটোহে খুৱ জটিল।আপোনি মানুহক প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিবলৈ এৰি দিয়ক,মানুহে আপোনাক দুখ দিবলৈও সুযোগ বিচাৰি নাপাৱ।সেই জন মানুহক মিচা কথা কোৱাটো পাপ,যি জনে আপোনি কোৱা মিচা কথা খিনিকো চকু মুদি বিশ্বাস কৰি লয় । প্ৰতিদিনেই বহুতো মানুহৰ মৃত্যু হৈ আছে,কিন্তু আপোনি বা মই এতিয়াও জীয়াই আছো,এটা লক্ষৰ বাবে এটা কাৰণৰ বাবে ।সেই কাৰণটো বিচাৰি আগুৱাই গৈ থাকক।কথাবোৰো একেই থাকে সপোন বোৰো একেই থাকে,মাথো সময়ে কাষত থকা মানুহ জনক আঁতৰাই নিয়ে , নহলে তেওঁ নিজেই সলনি হৈ যায় ।জীৱনত সুখী হবলৈ হলে কাৰো প্ৰতি একো অভিযোগ নেৰাখিৱ।আপোনাৰ কিবা ভাল হোৱাৰ কাৰণ যি দৰে আপোনি নিজেই সেই দৰে আপোনাৰ জীৱনত কিবা বেয়া হলেও,দায়ী একমাত্ৰ আপোনিয়েই। সেই হাত দুখন সচাকৈয়ে খুৱ সুন্দৰ,যি কাৰোৱাৰ জীৱনৰ জটিল সময়ত,সাহস আৰু প্ৰেৰণা হৈ খামুচি ধৰে।
Comments
Post a Comment