Best Assamese Quotes

 

যি নিজৰ আঘাট ভালদৰে অনুভৱ কৰিৱ পাৰে তেওঁ আনক কেতিয়াও আঘাট নিদিয়ে ।কাৰণ তেওঁ 



জানে,আঘাটৰ সমান বিষাক্ত বস্তু এই পৃথিৱীত একো নাই ।সত্য নিজৰ কাৰণে ৰাখিৱা,প্ৰেম আনৰ কাৰণে আৰু দয়া সকলোৰে কাৰণে, এইয়াই জীৱনৰ ব্যাকৰণ। পৃথিৱীত মানুহেই এক মাত্ৰ এনেকুৱা জীৱ যাৰ বিষ দাতত নাথাকে জিভাত থাকে ।সত্য সদায় নিৰাপদ। সত্যৰ বাহিৰে একোৱেই নিৰাপদ নহয়। যি মানুহে সমাজৰ আন লোকৰ পৰা সত্য গোপন কৰে তেওঁলোক হয় কাপুৰুষ, নহয় অপৰাধী বা দুয়োটাই। জীৱনত ডাঙৰ কিবা পালে সৰু বােৰক পাহৰি নাযাব, এটা সৰু বেজীয়ে যি কৰিব পাৰে এখন তৰােৱালে সেইটো কাম কৰিব নােৱাৰে।আকাশৰ ফালে চালে দেখিৱা আমি অকলে নাই ! গোটেই ব্ৰহ্মাণ্ড আমাৰ বাবে অনূকুল । যি সপোন দেখে আৰু পৰিশ্ৰম কৰে,তেওঁক প্ৰতিফল দিৱলৈ সদয় এই জগত খনে ষড়য়ন্ত্ৰ কৰে।ঘৰত এটাত একে লগে থকাটোকে পৰিয়াল বুলি নকয়,বৰং একে লগে জীয়াই থকা আৰু সকলোৰে বাবে চিন্তা কৰাটোক হে পৰিয়াল বুলি কয় ।জীৱনত যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও মিছা কথা নকবা,আৰু যিজনে তোমাক মিছা কথা কয় তেওঁক কেতিয়াও বিশ্বাস নকৰিবা।

কৰ্ম কৰাৰ আগত এইটো নিশ্চিত কৰি লৱ লাগে, যে তাৰ পৰা অনুতপ্ত হব লগা হয় নে প্ৰসন্নতা প্ৰাপ্ত হয়।যেতিযা আমি আশাৰ লগতে সকলো বোৰ হেৰুৱাই দিও তেতিয়া জীৱন এক অপমান বনি যায় আৰু তেতিয়া মৃত্যুয়েই যেন কৰ্তব্য হৈ পৰে । আতৰি যোৱা জনৰ কথা ভাৱি দুখী নহৱা,মাথো এটা কথা মনত ৰাখিৱা যে সঠিক আৰু শুদ্ধ জন লগত থাকিৱই !পৰিশ্ৰমেই হ'ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা-আপুনি আহে।ভাল মানুহৰ স্বভাৱ হিচাপ কৰিৱলৈ শূণ্যৰ দৰে,যেনেকৈ অকলশৰে শূণ্যৰ কোনো মূল্য নাই কিন্তু শূণ্য যাৰ পাছত লাগি যায় তাৰ মূল্য বাঢ়ি যায় থিক তেনেদৰে, ভাল মানুহে অন্য মানুহক মূল্যবান কৰি তুলে|জীৱনত মানুহ বোৰ এজন আন জনৰ নিচিনা হোৱাটো প্ৰয়োজনীয় নহয় ।এজন আন জনৰ বাবে হোৱাটোহে সকলোতকৈ বেছি প্ৰয়োজনীয় ।

বৰ অদ্ভূত ধৰণৰ কথা, মন কাপোৰ নহয় তথাপিও কিন্তু লেতৰা হৈ যায়,আৰু হৃদয় কাচ নহয় তথাপিও কিন্তু ভাঙি যায় ।আন্ধাৰ যিমান গভীৰ হ'ব, প্ৰভাতো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। কাৰোবাক আঘাত দি নাভাবিবা যে তেওঁ অবুজ বা দুর্বল মনত ৰাখিবা তেওঁ তোমাক বিশ্বাস কৰিছিল যাৰ তুমি যোগ্য কেতিয়াও নাছিলা।আপোনি লাগিলে যিমানেই ভাল কাম কৰক,যিমানেই সৎ পথত চলক, কিন্তু মানুহে আপোনাৰ এটা মাত্ৰ ভূলৰ বাবে অপেক্ষা কৰি থাকে।.আশা এনেকুৱা এটা বস্তু যি আমাক ভৱিষ্যতলৈ আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰে আৰু শক্তি দিয়ে ।আশা সপোনত,কল্পনাত,আৰু সেই বোৰ মানুহৰ সাহসত থাকে যি বাস্তৱিকতে সপোন দেখিৱলৈ সাহস কৰে । এই পৃথিৱীত কোনেও সঠিককৈ কৱ নোৱাৰে,ভৱিষ্যতে কি হব, কেৱল ভগৱান আৰু কৰ্মইহে জানে, কাৰ লগত কি হব।সকলো মানুহৰে জীৱনত কম বেছি পৰিমাণে

হ’লেও দুখ থাকেই, কিছুমানে ষ্টেটাছত প্ৰকাশ কৰে আৰু কিছুমানে হাঁহিৰে ঢাকি ৰাখে।

কিছুমান মানুহে আপোনাক এই বাবেও ঘৃণা কৰে কাৰণ আপোনাৰ সত্য আৰু শুদ্ধ কথা তেওঁলোকৰ তিতা যেন অনুভৱ হয় ।নেতিবাচক চিন্তা আৰু অজুহাত ত্যাগ কৰিব পাৰিলেহে ,মনে বিচৰা কামত সফলতা পোৱাটো সম্ভৱ!সফলতা এক বাহন, যি কৰ্মৰ চকৰিত চলে কিন্তু আত্মবিশ্বাসৰ ইন্ধন অবিহনে যাত্ৰা কৰাটো অসম্ভৱ ।এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয় যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। 

 যি মানুহে স্পষ্ট,চিধা আৰু শুদ্ধ কথা কয়,তেওঁলোকৰ কথা বোৰ যদিও তীক্ষ্ণ আৰু কঠোৰ যেন লাগে ,তেনে ব্যক্তিয়ে কিন্তু কেতিয়াও কাকো বিশ্বাসঘাটকতা নকৰে।

মানুহে নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে।

ব্যৰ্থ হোৱাৰ বিভিন্ন উপায় আছে, কিন্তু সফলতাৰ উপায় হৈছে এটাই আৰু সেয়া হ'ল আকৌ এবাৰ চেষ্টা কৰা।অলপ দেৰিকৈ হ’লেও এটা সময়ত, প্ৰত্যেকজন মানুহৰ জীৱনত এনেকুৱা এজন ব্যক্তিৰ আগমন হয়, যিয়ে খেলি মেলি হৈ থকা জীৱনটোক ভাল দিশলৈ লৈ আনে।কাৰোবাক ভাল পালে ইমান খিনি পোৱা ,যাতে সামান্য কষ্ট অনুভৱ কৰিলেও প্ৰথম তোমাৰ কথা মনত পেলায়।পাগল মানুহে ইতিহাস ৰচে, আৰু জ্ঞানী মানুহে ইতিহাস পঢ়ে।গতিকে নিজক উচ্চতাৰ শিখৰত প্ৰকাশ কৰিৱলৈ কেতিয়াৱা অলপ পাগল হোৱাটোও জৰুৰী।যি ফলৰ আশা কৰি কৰ্ম কৰে তেওঁ অজ্ঞানী, কিন্ত যি জনে বুজি পায় কৰ্মই যে ফল,তেওঁ জ্ঞানী ।শুনি বেয়া লাগে যদিও সচা কথাটো হল,এই সমাজত আপোনাৰ কামতকৈ চেহেৰাক লৈ মানুহে বেছি বিচাৰ কৰে ।

 ভাল কামত পলম আৰু বেয়া কামত সোনকাল,এই দুইটাই মানুহৰ জীৱনৰ বাবে অতি ক্ষতিকাৰক বস্তু।জীৱনটোও একপ্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবেই সি ৰোমাঞ্চকৰ।আপুনি জীৱনত যিবোৰ বস্তু বিচাৰে সেইবোৰ লাভ কৰাৰ প্ৰথম পদক্ষেপ হ'ল আপুনি কি কি বিচাৰে, অতি দৃঢ়তাৰে সেইবোৰ ঠিক কৰি লওক।আমি সীমিত নিৰাশাক সদায় স্বীকাৰ কৰিৱ লাগে,কিন্তু অসীমিত আশা বোৰক কেতিয়াও এৰি দিব নেলাগে ।যিজনে তােমাক সহায় কৰে,সেইজনক কেতিয়াও পাহৰি নাযাবা!যিজনে তােমাক ভাল পায়,সেইজনক কেতিয়াও ঘৃণা নকৰিবা,যিজনে তােমাক বিশ্বাস কৰে,সেইজনক কেতিয়াও নঠগিবা।যদি কাৰোবাৰ ওচৰত সম্পূর্ণ 

পৰিয়াল থাকে,

খাৱলৈ পর্যাপ্ত খাদ্য থাকে

আৰু থাকিৱলৈ বাসস্থান থাকে তেনেহলে সেই মানুহজন কেতিয়াও দুখীয়া নহয়।এটা মুহূর্তই এটা দিন সলনি 

কৰি দিব পাৰে,

এটা দিনে এটা জীৱন সলনি কৰি দিব পাৰে,

আৰু এটা জীৱনে গোটেই বিশ্বকে সলনি কৰি দিব পাৰে।তুমি যদি জীৱনত সফল হোৱা তেন্তে বহু মিছা বন্ধু আৰু সঁচা শত্ৰুৰ সন্মুখীন হ'বা,

তথাপিও সফলতাৰ জখলাৰে খুজ দিবলৈ কেতিয়াও নেৰিৱা ।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes