Assamese Poem অসমীয়া কবিতা
Assamese Sad Poem By Bikiron Phukan🌿 নিৰুদ্দেশ হৃদয়ৰ কোমল আচ্ছাদন… মৰম যেন এক ৰি ৰিয়া বতাহৰ মিশ্ৰিত জলতৰংগ ! আজিও মোৰ বৰকৈ মন যায়…জানা ? শত্ৰুতাৰ ঘ্ৰাণ ভেদি এক বাৰ যেন ৰমগৈ তোমাৰ নঙলা মূখত … পৰম তৃপ্তিৰে চাম তোমাৰ তেজগোৰা দুচকু ! মই আন বোৰৰ দৰে নহয় ! বিদ্যা শপত… যদি একেই হলো হেতেন নহয় ? বহু বছৰৰ আগতেই তোমাক পাহৰি পেলালো হেতেন আৰু সমূখত যদি কোনোবা দিনা লগো পালো হয় ? নিশ্চয় মুখেৰে ভোৰভোৰালো হেতেন … মতলৱ নাই ! তোৰ নিচিনা ধেই ছোৱালী আছে ! কিন্তু ইমান থাৰ্ড ক্লাছ প্ৰেম অন্তত মই কৰা নাছিলো ! আৰে মোৰ এইখন হৃদয় হয়… তপত ৰদৰ কোনোৱা কোণত থিয় হৈ থকা বদনামী মৰুদ্যান নহয়টো … যে মই লেলাৱটিত লিখিম পৃষ্ঠা পষ্ঠা জিঘাংসা ! আঘাট পালে খঙ উঠে খঙ উঠিলে গালি দিও… বকো - চিঞৰো - কান্দো - উচুপো অবাইচ হওঁ কিন্তু জান … কাবৌ কৰিছো মৰমক হিংসা বুলি নকবা … তোমাৰ বাবেইটো সহ্য কৰি যাওঁ বহু অভিজাত মানুহৰ বেত্ৰাঘাট ! আৰে আজিও মই বিন্দাছ কওঁ প্ৰেম কৰিছিলো,কৰো আৰু মৃত্যুৰ পিছতো কৰি যাম ! হয়টো তোমাৰ হাতত থাকিৱ পাৰে মোক ঘৃণা কৰাৰ জটিল কিটিপ… ! কিন্তু মোৰ কাষত পাৱা তোমাক ভালপোৱাৰ লাখে লাখে অজুহাত ! ……………………………বিকিৰণ ফুকন